দল-হৰিণা
এবিধ পহুৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
দল-হৰিণা (ইংৰাজী: Barasingha or Swamp deer) ভাৰতবৰ্ষ, দক্ষিণ-পশ্চিম নেপাল তথা পাকিস্তানৰ কিছু অংশত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি৷ পূৰ্বতে বাংলাদেশ তো পোৱা গৈছিল যদিও[2] এই প্ৰাণীবিধৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ অংগটো হৈছে ইয়াৰ শিং (antler)৷ একোটা পূৰ্ণবয়স্ক প্ৰাণীৰ শিঙত ১০-১৪ ডালকৈ ভাগ (tine) থকা দেখা যায়৷ এই বৈশিষ্ট্যপূৰ্ণ ১২ টা ভাগৰ বাবেই হিন্দী ভাষাত ইয়াক বাৰাশিঙ্গা (Barasingha) বুলি কোৱা হয়৷[3] ই ভাৰত উপ-মহাদেশৰ পহুৰ বিলুপ্তপ্ৰায় প্ৰজাতি সমূহৰ ভিতৰত অন্যতম৷
ক্ষিপ্ৰ তথ্য দল-হৰিণা (Barasingha or Swamp deer), সংৰক্ষণ স্থিতি ...
দল-হৰিণা (Barasingha or Swamp deer)[1] | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
পৰিয়াল: | Cervidae |
গণ: | Rucervus |
প্ৰজাতি: | R. duvaucelii |
বৈজ্ঞানিক নাম | |
Rucervus duvaucelii (G. Cuvier, 1823) | |
দল-হৰিণাৰ বিতৰণ, ঐতিহাসিক বিতৰণ-হালধীয়া; বৰ্তমানৰ বিতৰণ: duvaucelii (ৰঙা); branderi (সেউজীয়া); ranjitsinhi (নীলা) |
বন্ধ কৰক