জয়মতী (১৯৩৫ চলচ্চিত্ৰ)
১৯৩৫ চলচ্চিত্ৰ / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো ১৯৩৫ চনত নিৰ্মিত চলচ্চিত্ৰখনৰ বিষয়ে। আন ব্যৱহাৰৰ বাবে জয়মতী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
জয়মতী, ১৯৩৫ চনত মুক্তি পোৱা, প্ৰথমখন অসমীয়া কথাছবি। লক্ষ্মীনাথ বেজবৰুৱাৰ ১৭ শতিকাৰ অসমৰ 'সতী জয়মতী' নাটকৰ ওপৰত ভিত্তি কৰি, জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৩৩ চনত ছবিখনৰ কাম আৰম্ভ কৰা হয় আৰু মুক্তি দিয়া হয় ১৯৩৫ চনত। এই ছবিৰ মূল ছুটিং ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা 'চিত্ৰবন ষ্টুডিঅ'ত কৰা হৈছিল। [1] ১৯৩৫ চনত 'চিত্ৰলেখা মুভিটোন'ৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হয়।
ক্ষিপ্ৰ তথ্য জয়মতী, পৰিচালক ...
জয়মতী | |
---|---|
জয়মতীৰ দৃশ্য | |
পৰিচালক | জ্যোতিপ্ৰসাদ আগৰৱালা |
ৰচনা | 'সতী জয়মতী' নামৰ নাটক, নাট্যকাৰ: লক্ষ্মীনাথ বেজবৰুৱা |
কাহিনী | 2 |
প্ৰযোজক | জ্যোতিপ্ৰসাদ আগৰৱালা |
অভিনয়ত | আইদেউ সন্দিকৈ, ফুনু বৰুৱা (পৰশুৰাম বৰুৱা) |
চিত্ৰগ্ৰহণকাৰী | ভুপাল শঙ্কৰ মেহতা |
সংগীত পৰিচালক | জ্যোতিপ্ৰসাদ আগৰৱালা |
পৰিবেশক | চিত্ৰলেখা মুভিটোন |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বন্ধ কৰক
এতিয়া আংশিক ভাৱেহে পোৱা এই ছবিখন ভাৰতৰ তৃত্বীয়খন সবাক ছবি ([2] আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰিব কৰা হৈছে।[3] ছবিখনক আংশিক ভাৱে আলটাফ মজিদে উদ্ধাৰ কৰিছে।[4]