জ্যোতিপ্ৰসাদ আগৰৱালা
অসমৰ প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক তথা চলচ্চিত্ৰ নিৰ্মাতা / From Wikipedia, the free encyclopedia
জ্যোতিপ্ৰসাদ আগৰৱালা (ইংৰাজী: Jyotiprasad Agarwala; ১৯০৩ - ১৯৫১) অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা।[1] অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলাে দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস" ৰূপে পালন কৰা হয়।[2][3][4] জ্যোতিপ্ৰসাদৰ দৰ্শনক ‘ৰূপান্তৰৰ দৰ্শন’হিচাপে আখ্যা দিব পাৰি৷ তেখেতে কৈছিল-‘ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ’।
ক্ষিপ্ৰ তথ্য ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, জন্ম ...
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা | |
---|---|
জন্ম | ১৭ জুন, ১৯০৩ তামোলবাৰী চাহ বাগিছা, ডিব্ৰুগড়, অসম |
মৃত্যু | ১৭ জানুৱাৰী, ১৯৫১ জ্যোতি ভাৰতী, তেজপুৰ, অসম |
পেচা | গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা |
সক্ৰিয় হৈ থকা সময় | ১৯৩২-১৯৫১ |
দাম্পত্যসঙ্গী | দেৱযানী ভূঞা |
পিতৃ-মাতৃ | পৰমানন্দ আগৰৱালা কিৰণময়ী আগৰৱালা |
সন্তান | চিন্ময় আগৰৱালা বিশ্বেন্দু আগৰৱালা জয়শ্ৰী জ্ঞানশ্ৰী সত্যশ্ৰী হেমাশ্ৰী মনশ্ৰী |
স্বাক্ষৰ | |
বন্ধ কৰক