গোৱালপাৰা জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
গোৱালপাৰা জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ১৯৮৩ চনত পুৰণি গোৱালপাৰা জিলাখনক ৩খন জিলাত বিভক্ত কৰা হয়- গোৱালপাৰা, ধুবুৰী আৰু কোকৰাঝাৰ জিলা। নতুনকৈ গঠিত গোৱালপাৰাৰ সদৰ স্থাপন কৰা হয় গোৱালপাৰা নগৰত। আৰম্ভণিতে জিলাখনৰ মহকুমা আছিল দুটা- গোৱালপাৰা আৰু উত্তৰ শালমাৰা মহকুমা। ১৯৮৯ চনত বঙাইগাঁও জিলা গঠন হোৱাত উত্তৰ শালমাৰা মহকুমা বঙাইগাঁও জিলাত অন্তৰ্ভুক্ত কৰা হয়। বৰ্তমান জিলাখনৰ মহকুমা দুটা- গোৱালপাৰা আৰু লক্ষীপুৰ।[2][3]
ক্ষিপ্ৰ তথ্য গোৱালপাৰা জিলা, দেশ ...
গোৱালপাৰা জিলা | |
---|---|
— অসমৰ জিলা — | |
অসমত গোৱালপাৰাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | নামনি অসম |
সদৰ | গোৱালপাৰা |
মহকুমা | গোৱালপাৰা, লক্ষীপুৰ |
চৰকাৰ | |
- লোকসভা সমষ্টি | ধুবুৰী, গুৱাহাটী |
- বিধানসভা সমষ্টি | দুধনৈ (৩৬), পূব গোৱালপাৰা (৩৭), পশ্চিম গোৱালপাৰা (৩৮), জলেশ্বৰ (৩৯) |
মাটিকালি | |
- মুঠ | ১,৮২৪ কি.মি.২ (৭০৪.৩ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ১০,০৮,১৮৩ জন |
- জনঘনত্ব | ৫৫২.৭ প্ৰতি বৰ্গ কি.মি. (১,৪৩১.৬ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৬৭.৩৭% |
- লিংগ অনুপাত | ৯৬৪ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
যানবাহনৰ নম্বৰ | AS 18 |
স্থানাঙ্ক | 26°26′N 90°22′E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক