গাহৰি
From Wikipedia, the free encyclopedia
পোহনীয়া গাহৰি (ইংৰাজী: Domestic pig; Sus scrofa domesticus বা Sus domesticus), হৈছে এবিধ ডাঙৰ, খুৰা যুক্ত প্ৰাণী ; ইহঁতক এটা নিৰ্দিষ্ট প্ৰজাতি অথবা বনগাহৰিৰ উপ-প্ৰজাতি বুল্ গণ্য কৰা হয়। ইহঁতৰ মূৰ আৰু দেহৰ দৈৰ্ঘ্য প্ৰায় ০.৯ৰ পৰা ১.৮ মিটাৰ (৩৫ৰ পৰা ৭১ ইঞ্চি) পৰ্যন্ত হয়, আৰু পূৰ্ণ বয়স্কৰ ওজন ৫০ৰ পৰা ৩৫০ কিলগ্ৰাম (১১০ৰ পৰা ৭৭০ পাউণ্ড) পৰ্যন্ত হয়। খুৰা যুক্ত প্ৰাণীবোৰ সাধাৰণতে তৃণভোজী হয় যদিয়ো ইহঁত ইহঁতৰ বন্য প্ৰজাতিৰ দৰেই সৰ্বভোজী।
ক্ষিপ্ৰ তথ্য পোহনীয়া গাহৰি, সংৰক্ষণ স্থিতি ...
পোহনীয়া গাহৰি | |
---|---|
পোৱালীসহ পোহনীয়া গাহৰি | |
সংৰক্ষণ স্থিতি | |
পোহনীয়া | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
পৰিয়াল: | Suidae |
গণ: | Sus |
প্ৰজাতি: | S. scrofa লিনিয়াছ, ১৭৫৮ |
উপপ্ৰজাতি: | S. s. domesticus |
ত্ৰিপদ নাম | |
Sus scrofa domesticus Erxleben, ১৭৭৭ | |
সমাৰ্থক[1] | |
|
বন্ধ কৰক
পোহনীয়া গাহৰিবোৰ, সাধাৰণতে মাংসৰ বাবে পালন কৰা হয়। ইহঁতৰ হাড়, চাল আৰু নোমবোৰো ব্যৱসায়িক উৎপাদ হিচাপে ব্যৱহৃত হয়।