খটীয়া পহু
এবিধ হৰিণ জাতীয় জন্তু / From Wikipedia, the free encyclopedia
খটীয়া পহু[2][3](ইংৰাজী: Indian Hog deer, বৈজ্ঞানিক-Axis porcinus), এবিধ হৰিণ জাতীয় জন্তু। ভাৰতৰ অসমত ইয়াৰ সংখ্যা সৰ্বাধিক। ই এটা বিপদাপন্ন প্ৰজাতি। ই সাধাৰণতে মুকলি ঠাইত বিচৰণ কৰে। কেতিয়াবা ইয়াক খেতি পথাৰত আৰু জাৰণিৰ দৰে হাবিতো দেখা যায়। ই মুৰটো তল কৰি লৈ খোজ কাঢ়ে যাতে সমুখত থকা বাধাৰ (গছৰ ডাল আদি) তলেৰে সৰকি যাব পাৰে। সাধাৰণতে হৰিণ জাতীয় প্ৰাণীয়ে বাধাৰ উপৰেৰে জঁপিয়াই পাৰ হ’বহে বিচাৰে। ইয়াৰ এনেকুৱা স্বভাৱ গাহৰিৰ লগত মিলে বাবে ইয়াক ইংৰাজীত Hog deer বুলি কয়।
ক্ষিপ্ৰ তথ্য খটীয়া পহু, সংৰক্ষণ স্থিতি ...
খটীয়া পহু | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
উপবৰ্গ: | Ruminantia |
পৰিয়াল: | Cervidae |
উপপৰিয়াল: | Cervinae |
গণ: | Axis |
প্ৰজাতি: | A. porcinus |
বৈজ্ঞানিক নাম | |
Axis porcinus (Zimmermann, 1780) | |
সেউজীয়া ৰঙেৰে বৃস্তিতি দেখুওৱা হৈছে | |
সমাৰ্থক | |
Hyelaphus porcinus (Zimmermann, 1780) |
বন্ধ কৰক