কাৰ্বি জনগোষ্ঠী
অসমৰ আদিম অধিবাসী / From Wikipedia, the free encyclopedia
কাৰ্বি জনগোষ্ঠীৰ লোকসকল অসমৰ অন্যতম আদিম অধিবাসী চীনা তিব্বতীয় জনগোষ্ঠী।[2] আগেয়ে তেওঁলোক মিকিৰ বুলি জনাজাত আছিল আৰু তেওঁলোকে বাস কৰা পৰ্বতীয়া জিলাখন মিকিৰ পাহাৰ নামেৰে জনা গৈছিল। কিন্তু বৰ্তমান তেওঁলোকক কাৰ্বি বুলিহে জনা যায় আৰু জিলাখনৰ নামো কাৰ্বি আংলং জিলা নামেৰে নামকৰণ কৰা হৈছে। কাৰ্বিসকল বিভিন্ন জিলাত সিঁচৰতি হৈ আছে যদিও কাৰ্বি আংলং মিকিৰ পাহাৰতে সংখ্যা গৰিষ্ঠ কাৰ্বি লোক থূপ খাই থকাতো ঐতিহাসিক প্ৰমাণ থকাত, এই জিলা কাৰ্বিসকলৰ স্বায়ত্ত্ব শাসিত জিলা হিচাবে পৰিগণিত হয়। অৱশ্যে ইয়াৰ বাবে কাৰ্বি সকলে সংগঠিত ৰূপত যুঁজ দিব লগা হৈছিল। ১৯৫২ চনৰ আগলৈকে সংযুক্ত মিকিৰ পাহাৰ জিলা নামেৰে নগাঁও জিলাৰ লগত সংযুক্ত আছিল। ইয়াৰ এটা অংশ শিৱসাগৰ জিলা আৰু খাচীয়া জয়ন্তীয়া জিলাৰ সৈতেও সংলগ্ন আছিল। বৰ্তমান কাবি আংলং জিলাখনেই কাৰ্বিসকলৰ মূল কৰ্মস্থলী। কাৰ্বিসকলৰ কৃষ্ট আৰু জীৱন দৰ্শনত খাছী ছিনটেং দৰ্শনৰ উপৰিও ভাৰতীয় হিন্দু দৰ্শনৰ প্ৰবাহ বিদ্যমান। 'ছাবিন আলুন'(কাৰ্বি ৰামায়ণ), 'হাঈ'মু আলুন', বনগীত, সাধুকথা, ফকৰা-যোজনা আদি বিভিন্ন লোক সাহিত্যৰ সমলেৰে পোত খাই থকা কাৰ্বি সমাজখন সমগ্ৰ অসমৰ মাটিৰ সৈতে মিলি থকাতো এক অমূল্য সম্পদ। কাৰ্বিসকলৰ বাসস্থান হ'ল অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, চীন, বাংলাদেশ, আৰু থাইলেণ্ড।
মুঠ জনসংখ্যা | |||
---|---|---|---|
৪১৯,৫৩৪ (অসম, ২০০১ চনৰ লোকপিয়ল মতে[1]) | |||
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | |||
| |||
ভাষাসমূহ | |||
ধৰ্ম | |||
হিন্দু ধৰ্ম, জনজাতীয় ধৰ্ম, খ্ৰীষ্টান ধৰ্ম |
কাৰ্বিসকলৰ মূলগোষ্ঠী ৫ টা-
- ইংহি,
- ইংতি,
- টেৰাং,
- টেৰণ আৰু
- তিমুং।