উট
স্তন্যপায়ী প্ৰাণী / From Wikipedia, the free encyclopedia
উট (ইংৰাজী: camel) হৈছে Camelus গণৰ অন্তৰ্গত স্তন্যপায়ী প্ৰাণী। ইহঁকৰ পিঠিত এটা বা একাধিক কুঁজ থাকে। এই কুঁজবোৰত চৰ্বী জমা হৈ থাকে। উটৰ দুটা জীৱিত প্ৰজাতি হৈছে, dromedary, বা এটা কুঁজৰ উট (C. dromedarius), মধ্য পূৱ আৰু আফ্ৰিকাত বসবাস কৰে; আৰু bactrian, বা দুটা কুঁজৰ উট (C. bactrianus), মধ্য এছিয়াত বসবাস কৰে। দুয়োটাই পোহনীয়া প্ৰজাতি; ইহঁতৰ পৰা গাখীৰ, মাংস, নোম আহৰণ কৰাৰ লগতে ইহঁতক শ্ৰম কাৰ্যতো ব্যৱহাৰ কৰা হয়।
উট | |
---|---|
এটা এটা কুঁজৰ উট, Camelus dromedarius | |
এটা দুটা কুঁজৰ উট, Camelus bactrianus | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
পৰিয়াল: | Camelidae |
গোত্ৰ: | Camelini |
গণ: | Camelus লিনিয়াছ, ১৭৫৮ |
প্ৰজাতিসমূহ | |
Camelus bactrianus | |
এটা কুঁজযুক্ত উটৰ ভৌগোলিক বিতৰণ |
উটৰ ইংৰাজী প্ৰতিশব্দ "Camel", সাধাৰণতে উট সদৃশ Camelidae পৰিয়ালৰ স্তন্যপায়ীক বুজাবলৈ ব্যৱহাৰ কৰা হয়: দুটা প্ৰকৃত উট আৰু চাৰিটা নতুন যুগৰ camelids: দক্ষিণ আমেৰিকাৰ লামা, আল্পাকা, গোৱানাক, আৰু ভিকুনা[3][4]