মহো-হো উৎসৱ
অসমত উদযাপন কৰা এটা উৎসৱ / From Wikipedia, the free encyclopedia
মহো-হো (ইংৰাজী: Mohoho) বা মহ খেদা উৎসৱ সাধাৰণতে নামনি অসমত উদ্যাপন কৰা এটা উৎসৱ।[1] অসমীয়া ভাষাৰ "মহ" আৰু বড়ো ভাষাৰ "হো" পদৰ মিশ্ৰিত ৰূপ হৈছে "মহহো। " তাৰপৰাই মহোহো শব্দ গঠিত হৈছে।[2] নামনি অসমৰ বিশেষকৈ কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা, দৰং, বাক্সা জিলাত ইয়াৰ প্ৰচলন দেখা যায়। মহো-হোক গোৱালপাৰা জিলাৰ কিছু অংশত এউৰি বা ওৰি মাগা বুলি জনা যায়। দৰঙত ইয়াক মহৌ খুন্দা বা মইহ খেদা বা মহখেদা বা মহহৌ উৎসৱ বুলি জনা যায়। আনহাতে কামৰূপত মহৌ-হৌ, নলবাৰীত ভালোক দিয়া বা ভাল-ভৌলকা, বৰপেটাৰ ঠাইবিশেষে ভাওল দিয়া বা ভাও লালীয়া, তামুলপুৰ আৰু বাক্সাত ৰাভা (টোটলা ৰাভা) সকলে বাম্বোলপিতা আৰু বজালীত মহোহো বা মহহো বা মোহোহো দিয়া বুলি কোৱা হয়। শৰণীয়া কছাৰীসকলে ইয়াক ভালুক নচুৱা আৰু উত্তৰ গোৱালপাৰাৰ বড়োসকলে চেনায়-হুনায় বুলি কয়। হাজংসকলে ইয়াক মচমাও খেদা বা মহ খেদাই দেৱা গীত বুলি কয়। মুছলমানসকলে ইয়াক মাগন গীত বুলি কয়। গোৱালপাৰা জিলাত পালন কৰা সোণাৰায় পূজা মহো-হোৰ সমধৰ্মী উৎসৱ। [2]