ভূটান
পূব হিমালয়ত অৱস্থিত দক্ষিণ এছিয়াৰ দেশ / From Wikipedia, the free encyclopedia
ভূটান (i/buːˈtɑːn/; জংখা: འབྲུག་ཡུལ་ সাঁচ:IPA-dz) বা ভোটদেশ দক্ষিণ এছিয়াৰ এখন ৰাজতন্ত্ৰ। দেশখন ভাৰতীয় উপমহাদেশৰ হিমালয় পৰ্বতমালাৰ পূৰ্বাংশে অৱস্থিত। ভুটানৰ উত্তৰে চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চল, আৰু দক্ষিণ, পূৱ তথা পশ্চিমে ভাৰতবৰ্ষ অৱস্থিত। ভূটানৰ শব্দটো সংস্কৃত শব্দ "ভূ-উত্থান" পৰা আহিছে, অৰ্থাৎ উচ্চভূমি। ভূটান ছাৰ্কৰ (SAARC) এখন সদস্য ৰাষ্ট্ৰ। ভুটানৰ ৰাজধানীৰ নাম হৈছে থিম্ফু।
ক্ষিপ্ৰ তথ্য ভুটান সম্ৰাজ্য འབྲུག་ རྒྱལ་ཁབ་ Brug Rgyal-khabDru Gäkhap, ৰাষ্ট্ৰভাষা (সমূহ) ...
ভুটান সম্ৰাজ্য འབྲུག་ རྒྱལ་ཁབ་ Brug Rgyal-khab Dru Gäkhap |
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত ভূটীয়া ভাষা: ড্ৰুক ছেন্ধেন (অনুবাদ: "বাজ ড্ৰেগন ৰাজ্য") |
||||||
ৰাজধানী | থিম্ফু | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | ঝোংঘা, ইংৰাজী | |||||
চৰকাৰ | সাংবিধানিক ৰাজতন্ত্ৰ | |||||
- | ৰজা | জিগমে ৱাংচুক | ||||
- | প্ৰধানমন্ত্ৰী | কান্ধু ৱাংচুক | ||||
গঠন | সপ্তদশ শতাব্দীৰ প্ৰথম ভাগত | |||||
- | ওয়াংচুক ৰাজবংশ | ১৭ ডিচেম্বৰ, ১৯০৭ | ||||
- | জলভাগ (%) | নগণ্য | ||||
জনসংখ্যা | ||||||
- | ২০০৯ আনুমানিক | ৬,৯৭,০০০'"`UNIQ--ref-০০০০০০০০-QINU`"' | ||||
- | ঘনত্ব | ১৮.২ প্ৰতি বৰ্গকিমি (১৫৪তম) ৪৭ প্ৰতি বৰ্গমাইল |
||||
জিডিপি (পিপিপি) | ২০০৯ আনুমানিক | |||||
- | মুঠ | ৩.৮৪৬ বিলিয়ন ডলাৰ[1] | ||||
- | জনমুৰি | ৫,৭৯২ ডলাৰ[1] | ||||
মানৱ উন্নয়ন সূচক (২০০৭) | ০.৬১৯[2] (মধ্যম) (১৩২তম) | |||||
মুদ্ৰা | ঙুল্ট্ৰুম (BTN ) |
|||||
সময় অঞ্চল | BTT (ইউটিচি+৬:০০) | |||||
ইণ্টাৰনেট টিএলডি | .bt | |||||
কলিং ক'ড | +৯৭৫ |
বন্ধ কৰক
অতীত কালত ভূটান পাহাৰৰ উপত্যকা অনেক ৰাজ্যত বিভক্ত আছিল। ১৬শ শতিকাত এখন ধৰ্মীয় ৰাষ্ট্ৰ হিচাবে ইয়াৰ আৱিৰ্ভাব ঘটে। ১৯০৭ চনত ওয়াংচুক বংশই দেশখনৰ শাসন চলাই আছিল। ১৯৫০ দশক পৰ্য্যন্ত ভূটান এখন বিচ্ছিন্ন দেশ আছিল। ১৯৬০ দশকত ভাৰতৰ পৰা অৰ্থনৈতিক সাহায্য লাভ কৰি দেশখন এখন আধুনিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হৈছিল। তেতিয়া ই বিশ্বৰ অনুন্নত দেশসমূহৰ ভিতৰত এখন আছিল।