থিম্ফু
From Wikipedia, the free encyclopedia
থিম্ফু (/(/tɪmˈpuː/; Dzongkha: ཐིམ་ཕུ [tʰimpʰu]; পূৰ্বতে থিম্বু ) ভূটান ৰাজ্যৰ সৰ্ববৃহৎ চহৰ আৰু ৰাজধানী। ই দেশখনৰ মধ্য ভাগৰ পশ্চিম ফালে অৱস্থিত আৰু এই অঞ্চলৰ চাৰিওকাষে আছে ভূটানৰ অন্যতম ঝংখাগ থিম্ফু জিলা। ১৯৫৫ত থিম্ফুক প্ৰাচীন ৰাজধানী পুনাখাৰ পৰিৱৰ্তে ৰাজধানী ঘোষণা কৰা হ'ল আৰু ১৯৬১ত ৰজা ৩য় ড্ৰুক গ্যাল্প' জিগ্মে ডৰ্জি ৱাংচুকে থিম্ফুক ভূটান ৰাজ্যৰ ৰাজধানী ঘোষণা কৰিলে।
ভূটানত ৱাং চু বা থিম্ফু চু নামেৰে জনাজাত ৰাইডাক নদীৰ দ্বাৰে সৃষ্ট উপত্যকাৰ পশ্চিম দিশে অৱস্থিত থিম্ফু উত্তৰ-দক্ষিণকৈ বিস্তৃত। ই বিশ্বৰ ৩য় উচ্চতম ৰাজধানী আৰু ২২৪৮ মিটাৰৰপৰা ২৬৪৮ মিটাৰ ওখ।[1][2][3][4][5] ৰাজধানী চহৰসমূহৰ বাবে অস্বাভাৱিকভাৱে, থিম্ফুত কোনো বিমান বন্দৰ নাই, ই পাৰ' বিমান বন্দৰৰ ওপৰত নিৰ্ভৰশীল, যি প্ৰায় ৫৪ কিলোমিটাৰ দূৰত অৱস্থিত।
ৰাজনৈতিক আৰু অৰ্থনৈতিক কেন্দ্ৰ হিচাপে থিম্ফু কৃষি সম্বন্ধীয় আৰু পশু পালন সম্বন্ধীয় সামগ্ৰীৰে ভৰপূৰ আৰু ই দেশ খনৰ মুথ ৰাষ্ট্ৰীয় উৎপাদনৰ ৪৫% যোগান ধৰে।[6] যদিও পৰ্যতনে অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, পৰ্যতনৰ ক্ষেত্ৰত কিছু বাধা আৰোপ কৰা হৈছে যাতে পৰম্পৰা, বিকাশ আৰু আধুনিকীকৰণৰ ভাৰসম্য ৰক্ষা হয়। থিম্ফুতেই প্ৰায় গুৰুত্বপূৰ্ণ ৰাজনৈতিক স্থান সমূহ অৱস্থিত যেনে নতুনকৈ গঠিত সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰীয় এচেম্ব্লি আৰু ৰজাৰ বাসভৱন ডেচেঞ্চলিং ৰাজপ্ৰসাত। মেট্ৰপলিচ আৰু ৰাজধানী চহৰ হোৱাৰ বাবে অঞ্চলটোৰ ভাঙুনশীল অৰ্থনীতি ৰক্ষাৰ বাবে "থিম্ফু ষ্ট্ৰাক্সাৰ প্লেন" গঠন কৰা হৈছে। এই ঠাইৰ বিকাশত বিশ্ব বেংক আৰু এছীয় বিকাশ বেংকে সহায় কৰে।
ভূটানৰ সংস্কৃতি থিম্ফুৱে সাহিত্য, ধৰ্ম, ৰীতি-নীতি, সাজ্সজ্জা, পিন্ধন, সংগীত আদিত প্ৰতিফলিত। চেংচু উৎসৱত টাচিঞ্চ' জঙত প্ৰদৰ্শিত চাম নৃত্য চেপ্টেম্বৰ/অক্টোবৰত ৪ দিনৰ বাবে পালিত এক গুৰুত্বপূৰ্ণ উৎসৱ আৰু পালিত সংস্কৃতি।