ড্ৰুক ছেন্ধেন
From Wikipedia, the free encyclopedia
ড্ৰুক ছেন্ধেন (গাজনি ড্ৰেগনৰ দেশ) ভূটানৰ ৰাষ্ট্ৰীয় সংগীত।
ক্ষিপ্ৰ তথ্য গীতিকাৰ, সুৰকাৰ ...
ড্ৰুক ছেন্ধেন গাজনি ড্ৰেগনৰ দেশ | |
ভূটানৰ ৰাষ্ট্ৰীয় সংগীত | |
গীতিকাৰ | ডাছ' টিনলেয় |
---|---|
সুৰকাৰ | আকু টংমি |
গ্ৰহণৰ তাৰিখ | ১৯৫৩ |
বন্ধ কৰক
গ্যাল্ডুন ঠিনলে'ই লিখা আৰু আকু টংমিয়ে সুৰ কৰা এই গীতক ১৯৫৩ চনত স্বীকৃতি দিয়া হৈছিল। ভাৰতত শিক্ষিত টংমিক ভাৰতীয় প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভ্ৰমণৰ পূৰ্বেই সামৰিক ব্ৰাছ বেণ্ডৰ নেতা নিযুক্ত কৰা হ'ল। এই গীতৰ সুৰ ভূতানৰ পৰম্পৰাগত গীত থ্ৰি ন্যাম্পা মেড পা পেমাই থ্ৰি (সলনি নোহোৱা পদূমৰ সিংহাসন)ৰ দ্বাৰা প্ৰভাৱিত। গিতটোৰ সুৰ পিছলৈ দুবাৰ সলোৱা হ'ল। প্ৰথমে এই গীত ১২ শাৰীৰ আছিল, তাৰ পিছত এই গীত ৬ শাৰীৰ কৰা হ'ল।[1]
টংমিয়ে এই গীতটিৰ বাবে এটি নৃত্যও তৈয়াৰ কৰিছিল।[1][2]