গোৱালপাৰীয়া উপভাষা
অসমত কথিত ভাৰতীয়-আৰ্য উপভাষা / From Wikipedia, the free encyclopedia
গোৱালপৰীয়া উপভাষা বা গোৱালপৰীয়া অসমৰ অবিভক্ত গোৱালপাৰা জিলাত বহুলভাৱে প্ৰচলিত অসমীয়া ভাষাৰ উপভাষা। পশ্চিম অসমত প্ৰচলিত অসমীয়াৰ দুই উপভাষাৰ ভিতৰত গোৱালপৰীয়া অন্যতম। আনটো উপভাষা হৈছে কামৰূপী উপভাষা বা কামৰূপীয়া। গোৱালপৰীয়া ভাষা অঞ্চলৰ পশ্চিমত উত্তৰ বংগীয় উপভাষা অঞ্চল আৰু ইয়াৰ আশে-পাশে তিব্বত-বৰ্মী ভাষাৰ সম্প্ৰদায় আছে। বিভিন্ন আঞ্চলিক ভাষাৰ শব্দ সংমিশ্ৰণ গোৱালপৰীয়া উপভাষাৰ অন্যতম বৈশিষ্ট্য।[2][3] এই ভাষা কোৱা মানুহৰ আনুমানিক সংখ্যা প্ৰায় ২০ লাখ।[4]
ক্ষিপ্ৰ তথ্য গোৱালপৰীয়া উপভাষা, উচ্চাৰণ ...
গোৱালপৰীয়া উপভাষা | |
---|---|
উচ্চাৰণ | Goālpāriya[1] |
থলুৱা অঞ্চল | ভাৰত |
অঞ্চল | পশ্চিম অঞ্চল |
জাতীয়তা | গোৱালপৰীয়া |
ভাষা পৰিয়াল |
ইণ্ডো-ইউৰোপীয় ভাষা
|
উপভাষা |
|
লিখন প্ৰণালী | অসমীয়া বৰ্ণমালা |
ভাষা সংকেত | |
ISO 639-3 | – |
গ্লোটোলগ | নাই |
বন্ধ কৰক
গোৱালপৰীয়া লোকগীতৰ বিখ্যাত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱায়ে গোৱালপাৰীয়া ভাষাক ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি দিছিল।