গংগা দেৱী
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো হিন্দু দেৱীৰ বিষয়ে। নদী খনৰ বাবে গংগা নদী চাওক।
গঙ্গা বা গংগা (সংস্কৃত: गंगा Gaṅgā, থাই: คงคา Khongkha) গঙ্গা নদীৰ মূৰ্তিস্বৰূপ এক হিন্দু দেৱী। হিন্দুধৰ্মত এই দেৱী বিশেষ গুৰুত্বপূৰ্ণ স্থানৰ অধিকাৰিণী। হিন্দুসকলে বিশ্বাস কৰে যে গঙ্গাত স্নান কৰিলে সমস্ত পাপ খণ্ডন হয় আৰু জীৱই মুক্তিলাভ কৰে। অনেকে আত্মীয়স্বজনৰ দেহাৱশেষ বহু দূৰদূৰণিৰ পৰা কঢ়িয়াই আনি গঙ্গাত বিসৰ্জন দিয়ে; তেওঁলোকে ধৰি লয় যে, ইয়াৰ ফলত মৃত ব্যক্তিৰ আত্মাই স্বৰ্গলৈ গমন কৰে। গঙ্গাৰ তীৰবৰ্তী বহু স্থান হিন্দু বিশ্বাস অনুযায়ী পবিত্ৰ। ইয়াৰ মাজত আছে হৰিদ্বাৰ, এলাহাবাদ, বাৰাণসী, নবদ্বীপ, গঙ্গাসাগৰ প্ৰভৃতি। থাইলেণ্ডৰ লয় ক্ৰাথং উৎসৱত পুণ্যাৰ্থীসকলে নদীত বন্তিযুক্ত সৰু সৰু নৌকা উটুৱাই বুদ্ধ আৰু গঙ্গা দেৱীক শ্ৰদ্ধা জনায়।
ক্ষিপ্ৰ তথ্য গঙ্গা, অধিকাৰ ...
গঙ্গা | |
---|---|
কালীঘাট পটচিত্ৰত গঙ্গা | |
অধিকাৰ | গংগা নদী |
দেৱনাগৰী | गंगा |
গোত্ৰ | দেৱী |
অধিষ্ঠান | কৈলাস |
মন্ত্ৰ | om hili hili mili mili ganga devi namaha |
দাম্পত্যসঙ্গী | শিৱ অথবা শান্তনু |
বাহন | মকৰ |
বন্ধ কৰক