ৱিকিচ'ৰ্ছ
From Wikipedia, the free encyclopedia
ৱিকিচৰ্ছ বা ৱিকিউৎস (ইংৰাজী: Wikisource) ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। "Project Sourceberg" নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে "Wikisource" নাম দিয়া হয়।
ক্ষিপ্ৰ তথ্য ৱিকিউৎস, ইউ আৰ এল ...
ৱিকিউৎস | |
---|---|
soft2i | |
ইউ আৰ এল | www.wikisource.org |
শ্লোগান | উন্মুক্ত পাঠশালা |
বাণিজ্যক | নহয় |
প্ৰকাৰ | সংকলন |
পঞ্জীয়ন | ঐচ্ছিক |
ভাষা | es-us |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
সৃষ্টিকৰ্তা | ব্যৱহাৰকাৰীসকলৰ দ্বাৰা সংগৃহীত |
বন্ধ কৰক
অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।