হোক্কাইডো
From Wikipedia, the free encyclopedia
হোক্কাইডো (ইংৰাজী: Hokkaido; 北海道 Hokkaidō আক্ষৰিক "উত্তৰ সমুদ্ৰৰ বৰ্তনী" - জাপানী: [hokkaidoː] ( শুনক) ) হৈছে জাপানৰ দ্বিতীয় বৃহত্তম দ্বীপ আৰু বৃহত্তম তথা একেবাৰে উত্তৰত অৱস্থিত প্ৰশাসনিক অঞ্চল। অতীতত এই দ্বীপৰ বিভিন্ন নাম আছিল, যেনে এযো, য়েযো, য়েছো আদি। হোক্কাইডো হোনশু দ্বীপৰ পৰা তসুগাৰু প্ৰণালীৰ দ্বাৰা বিচ্ছিন্ন।[1] সমুদ্ৰৰ তলেৰে সেইকান সুৰংগৰ মাজেৰে দুই দ্বীপৰ মাজত ৰেল যোগাযোগ ব্যবস্থা আছে। ৰাজধানী চহৰ ছাপ্পোৰো হ'ল হোক্কাইডোৰ বৃহত্তম নগৰ। এই সমগ্ৰ দ্বীপ চৰকাৰী অধ্যাদেশৰ মাধ্যমে প্ৰত্যয়িত একমাত্ৰ নগৰ।
ক্ষিপ্ৰ তথ্য স্থানীয় নাম: 北海道(本島), ভৌগোলিক ...
স্থানীয় নাম: 北海道(本島) | |
---|---|
ভৌগোলিক | |
অৱস্থান | প্ৰশান্ত মহাসাগৰ, জাপান সাগৰ আৰু অখৎস্ক সাগৰৰ সীমাত |
ভৌগোলিক স্থানাংক | 43°N 142°E |
দ্বীপপুঞ্জ | জাপানী দ্বীপপুঞ্জ |
মাটিকালি | 77,981.87 km2 (30,108.968 sq mi) |
সৰ্বোচ্চ উচ্চতা | 2,290 m (7,510 ft) |
সৰ্বোচ্চ বিন্দু | আছাহি-ডাকে |
ৰাষ্ট্ৰ | |
জাপান | |
Prefectures | হোক্কাইডো |
বৃহত্তম নগৰ | ছাপ্পোৰো (জনসংখ্যা. ১৮,৯০,৫৬১) |
জনগাঁথনি | |
জনসংখ্যা | প্ৰায়. ৫৬,০০,০০০ |
জনগোষ্ঠীসমূহ | আইনু, জাপানী |
বন্ধ কৰক