সমকামিতা
এক প্ৰকাৰৰ চাৰিত্ৰিক বৈশিষ্ট্য যত কোনো এজন ব্যক্তি বা কোনো জীৱই নিজৰ সৈতে একে লিংগৰ কোনোবাৰ প্ৰ / From Wikipedia, the free encyclopedia
সমকামিতা (ইংৰাজী: Homosexuality) মানে হ'ল এক প্ৰকাৰৰ চাৰিত্ৰিক বৈশিষ্ট্য যত কোনো এজন ব্যক্তি বা কোনো জীৱই নিজৰ সৈতে একে লিংগৰ কোনোবাৰ প্ৰতি শাৰীৰিক, প্ৰেম তথা আবেগিক ভাবে আকৰ্ষিত হয়। ই একপ্ৰকাৰৰ যৌন অভিমুখিতা আৰু প্ৰেম অভিমুখিতা (Romantic orientation) লগতে এটা আকৰ্ষণ ভিক্তিক পৰিচয় হয়। [1][2]বৰ্তমান বৃহৎ সংখ্যক চিকিৎসা বিজ্ঞান আৰু মনোবিজ্ঞানৰ গৱেষণাই প্ৰমাণ কৰি দেখুৱাইছে যে গে' বা লেছবিয়ান হোৱাটো মানসিকভাৱে আৰু সামাজিকভাৱে সাধাৰণ।[3]ভাৰতত বৰ্তমান সমকামী সম্পৰ্ক বৈধ। আৰু সমকামিতা ভিত্তিত বৈষম্য দেশজুৰি নিষিদ্ধ কৰা হৈছে।[4][5] একে লিংগৰ বিবাহ প্ৰায় বোৰ উন্নত দেশতে বৈধ। আধুনিক অধ্যয়ন অনুসৰি প্ৰায় ২% ৰ পৰা ১৩% সমকামী জনসংখ্যা আমাৰ মাজত আছে।[6] মানুহৰ উপৰি ৫,০০০ ভিন্ন জীৱৰ মাজতো সমকামিতা দেখা গৈছে যি স্তন্যপায়ী, চৰাই আৰু ফিটাপেলুৰ দৰে ভিন্ন জীৱৰ মাজত অন্তৰ্গত।[7] মূল আন্তৰ্জাতিক স্বাস্থ্য সংগঠনসমূহ আৰু মনোবিজ্ঞান সংস্থাসমূহে সমকামিতাক সম্পূৰ্ণ সাধাৰণ আৰু প্ৰাকৃতিক বুলি ঘোষণা কৰিছে। লগতে কোনো ব্যক্তিক নিজৰ সমকামিতাক সলনি কৰিবলৈ প্ৰয়াস নকৰিবলৈ কৈছে কাৰণ ই সম্ভৱ নহয় লগতে ব্যক্তিজনৰ মানসিক অৱস্থাত ক্ষতি হ'ব পাৰে।[8][9]