সংক্ৰমণ
From Wikipedia, the free encyclopedia
সংক্ৰমণ বুলিলে জীৱৰ দেহত ৰোগ সৃষ্টিকাৰী বীজাণুৱে কৰা আক্ৰমণ, সংখ্যা বৃদ্ধি আৰু বীজাণু বা ইয়াৰ বিষাক্ত পদাৰ্থৰ প্ৰতি দেহৰ কলাৰ সঁহাৰিক বুজায়।[1][2] সংক্ৰমণৰ পৰা হোৱা ৰোগক সংক্ৰামক ৰোগ বোলে।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
সংক্ৰামক ৰোগ | |
---|---|
ৰং কৰা এক ইলেক্ট্ৰন মাইক্ৰ'গ্ৰাফত এটা মেলেৰিয়া স্প'ৰ'জইট পেটৰ ভিতৰৰ আৱৰণীৰ মাজেৰে পাৰ হোৱা দেখা গৈছে। | |
বিভাগ | সংক্ৰামক ৰোগ |
ভাইৰাছ, ভিৰইড, প্ৰিয়ন, ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া, পৰজীৱী যেনে পেলু বা কৃমি, সন্ধিপদী প্ৰাণী যেনে চিকৰা, চাহী, ভেঁকুৰ যেনে খৰ আদিয়ে সংক্ৰমণ কৰে।
জীৱই নিজৰ প্ৰতিৰক্ষা প্ৰণালী ব্যৱহাৰ কৰি সংক্ৰমণ ৰোধ কৰিব পাৰে। স্তন্যপায়ী প্ৰাণীয়ে সহজাত প্ৰতিৰক্ষাৰে সংক্ৰমণ ৰোধ কৰিবলৈ চেষ্টা কৰে যাৰ ফলত প্ৰায়েই প্ৰদাহ হৈ পাছলৈ লব্ধ প্ৰতিৰক্ষা সক্ৰিয় হয়।[3]
সংক্ৰমণৰ চিকিৎসাৰ বাবে নিৰ্দিষ্ট ঔষধ যেনে এণ্টিবায়'টিক, এণ্টিভাইৰেল, এণ্টিফাংগেল, এণ্টিপ্ৰট'জ'ৱেল আৰু এণ্টিহেল্মিন্থিক্ছ ব্যৱহাৰ কৰা হয়। ২০১৩ চনত সংক্ৰমণৰ ফলত প্ৰায় ৯২ লাখ মানুহৰ মৃত্যু হৈছিল (সকলো মৃত্যুৰ প্ৰয় ১৭%)।[4] সংক্ৰমণক প্ৰাধান্য দিয়া চিকিৎসা বিজ্ঞানৰ শাখাটোক সংক্ৰামক ৰোগ বোলে।[5]
কম সময়ৰ বাবে হোৱা সংক্ৰমণক "একিউট" (acute) বা হস্ৰম্যাদী সংক্ৰমণ বোলে। বেছি দিনৰ বাবে হোৱা সংক্ৰমণক "ক্ৰ'নিক" (chronic) বা দীৰ্ঘম্যাদী সংক্ৰমণ বোলে। কাৰকৰ ওপৰত ভিত্তি কৰি (যেনে বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ, পৰজীৱী) আৰু প্ৰণালীগত লক্ষণ থকা-নথকাক লৈও সংক্ৰমণৰ শ্ৰেণীবিভাজন কৰিব পাৰি।