শাৰী
সাজ-পাৰ / From Wikipedia, the free encyclopedia
শাৰী[note 1] ভাৰত, বাংলাদেশ সহ ভাৰতীয় উপমহাদেশৰ নাৰী সকলৰ ঐতিহ্যবাহী তথা নিত্যনৈমিত্তিক পৰিধেয় বস্ত্ৰ।[1] শাৰী কোনো আকাৰ নোহোৱাকৈ নিছিলোৱা এক দীঘলীয়া কাপোৰ। সাধাৰণতে শাৰী এখনৰ দৈঘ্য ১৮ ফুট (৫.৫ মি) ৰ পৰা ২১ ফুট (৬.৪ মি)[2] আৰু প্ৰস্থ ৬০ৰ পৰা ১২০ চেণ্টিমিটাৰ (২ৰ পৰা ৪ ফুট)।[3] শাৰী এখন দীঘলীয়াকৈ ভাঁজ দি জাপি জাপি পিন্ধা হয়। ইয়াৰে এটা অংশ কঁকালত মেৰিয়াই কোচ দি খোচনী মৰা হয় আৰু আন এটা অংশ বাওঁ কান্ধত ওলমাই ৰখা হয়। ওলমাই ৰখা অংশক আচল বুলি কোৱা হয়।[4][5][6] শাৰী সাধাৰণতে পেটিকোটৰ (উত্তৰ ভাৰতত লেহেঙ্গা/ঘাগৰা আৰু বাংলাদেশ সহ পূব ভাৰতত চায়া নামেও পৰিচিত) ওপৰত পিন্ধা হয়।[7][8] ওপৰৰ অংশৰ পোচাক হিচাপে ব্লাউজ পিন্ধা হয়।
ভাৰতীয় ইতিহাসত শাৰীৰ স্থান অত্যন্ত গুৰুত্বপূৰ্ণ।[9] ঠাই ভেদে শাৰী পৰিধানৰ কৌশল বেলেগ বেলেগ। সংস্কৃতিৰ গোলকীয় সমাহাৰৰ ফলত শাৰী পিন্ধাৰ কৌশল পৰিৱৰ্তন হৈ আহিছে। ভাৰত, বাংলাদেশ, নেপাল আৰু শ্ৰীলংকাৰ বিভিন্ন অনুষ্ঠানত সাধাৰণত শাৰীক সকলোতকৈ সাধাৰণ আৰু উপযোগী মহিলাৰ বস্ত্ৰ হিচাপে ধৰা হয়।