যম
হিন্দু ধৰ্মৰ মৃত্যু আৰু ন্যায়ৰ দেৱতা / From Wikipedia, the free encyclopedia
যম বা যমৰাজ (সংস্কৃত: यम: ) হৈছে হিন্দু ধৰ্মৰ মৃত্যু আৰু ন্যায়ৰ দেৱতা। তেওঁক কাল, ধৰ্মৰাজ আৰু ধৰ্মপ্ৰভু নামেৰেও জনা যায়। পাপীসকলক তেওঁৰ নিবাসস্থান নৰক বা যমলোকত যথোচিত শাস্তি বিহি ন্যায়ৰ ব্যৱস্থা কৰাই তেওঁৰ মুখ্য কাম।[11][12] তেওঁক সততে ধৰ্মৰ স্বৰূপ বা ধৰ্মদেৱৰূপে জনা যায়।[13] যম সবাতোকৈ পুৰণি দেৱতাসকলৰ মাজৰ এজন আৰু ঋকবেদতেই তেওঁৰ প্ৰাৰম্ভিক উপস্থিতি পোৱা যায়।[14] সেই সময়ৰ পৰাই এজন গুৰুত্বপূৰ্ণ দেৱতা হিচাপে হিন্দুধৰ্মৰ গ্ৰন্থসমূহ যেনে ৰামায়ণ, মহাভাৰত আৰু পুৰাণসমূহত স্থান পাই আহিছে।
যম | |
---|---|
মৃত্যু আৰু ন্যায়ৰ দেৱতা[1] | |
অন্য নাম | ধৰ্মৰাজ, যমৰাজ, কাল |
দেৱনাগৰী | यम |
সম্পৰ্ক | লোকপাল, দেৱতা |
নিবাস | নৰক/যমলোক |
গ্ৰহ | প্লুটো[2] |
মন্ত্ৰ | ওঁম সূৰ্য পুত্ৰায়ে বিধমহি মহাকালায় ধীমহি থানো যমো প্ৰচোদয়াৎ [note 1][3] |
অস্ত্ৰ | দণ্ড, পাশা আৰু গদা |
সঙ্গী | ধূমৰ্ণা[4][lower-alpha 1] |
সহোদৰ | যমী, অশ্বিন, শ্ৰাদ্ধদেৱ মনু, ৰেৱন্ত, শনি আৰু তপতী |
সন্তান | সূনীতা, যমকুমাৰ; যুধিষ্ঠিৰ[8] |
আসন/বাহন | ম'হ |
ৰোমান সমাৰ্থক | ৰেমাছ,[9] ডিচপেটাৰ[10] |
যম হৈছে এজন লোকপাল আৰু তেওঁ দক্ষিণ দিশৰ ৰক্ষক। তেওঁক প্ৰায়েই এজন কৃষ্ণকায়, ম'হৰ পিঠিত উঠি হাতত গদা বা পাশা লৈ আত্মাসমূহ ধৰিবলৈ অহা দেৱতা হিচাপে বৰ্ণনা কৰা হয়। আখ্যানসমূহৰ মতে তেওঁ আৰু যমুনা নদী যমজ ভ্ৰাতৃ-ভগ্নী আৰু সূৰ্যৰ পুত্ৰ। তেওঁৰ প্ৰধান আখ্যানসমূহ পাণ্ডৱসকল, সাবিত্ৰী আৰু সত্যবান আৰু মাৰ্কণ্ডেয়ৰ সৈতে জড়িত। মৃত্যুৰ সৈতে জড়িত আন এজন দেৱতা চিত্ৰগুপ্তই যমক সংগ দিয়ে।[15]