মেৰী কুৰী
From Wikipedia, the free encyclopedia
মেৰী স্ক্লডভ্স্কা-কুৰী (ফৰাচী: Maria Salomea Skłodowska-Curie, চমুকৈ মেৰী কুৰী বা মেডাম কুৰী) পোলেণ্ডৰ এগৰাকী পদাৰ্থবিদ তথা ৰসায়নবিদ। জীৱনৰ বেছিভাগ সময় ফ্ৰান্সত কৰ্মৰত এইগৰাকী মহিলা তেজস্ক্ৰিয়তা বিষয়ক অগ্ৰগামী গৱেষণাৰ বাবে বিখ্যাত। এখেত ন'বেল বঁটা লাভ কৰা প্ৰথম মহিলা, লগতে দুবাৰকৈ ন'বেল বঁটা লাভ কৰা একমাত্ৰ মহিলা, বিজ্ঞানৰ দুটা ভিন্ন বিষয়ত ন'বেল লাভ কৰা এখেতেই একমাত্ৰ ব্যক্তি। পেৰিছ বিশ্ববিদ্যালয়ৰো প্ৰথম মহিলা অধ্যাপিকা আছিল মেৰী কুৰী।[2] নিজস্ব কৰ্মৰ গৰিমাত পেৰিছৰ পেন্থিয়নত সমাধি লাভ কৰাও এখেত প্ৰথম মহিলা।[3]
মেৰী স্ক্লডভ্স্কা-কুৰী Marie Skłodowska-Curie | |
---|---|
মেডাম কুৰী (১৯২০) | |
জন্ম | ৭ নৱেম্বৰ, ১৮৬৭ ৱাৰশ্ব', পোলেণ্ড, তেতিয়াৰ ৰাছিয়া[1] |
মৃত্যু | ৪ জুলাই, ১৯৩৪ (৬৬ বছৰ) Passy, Haute-Savoie, ফ্ৰান্স |
নাগৰিকত্ব | ৰাছিয়ান, পাছত ফ্ৰান্সৰ নাগৰিকত্ব গ্ৰহণ কৰে |
জাতীয়তা | প'লিছ (Polish) |
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান |
কৰ্মস্থান | পেৰিছ বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | পেৰিছ বিশ্ববিদ্যালয় ESPCI |
ডক্তৰেল পৰামৰ্শদাতা | হেনৰি বেকুৱেৰেল |
ডক্তৰেল বিদ্যাৰ্থী | André-Louis Debierne Óscar Moreno Marguerite Catherine Perey |
জনা যায় | তেজস্ক্ৰিয়তা, প'ল'নিয়াম, ৰেডিয়াম |
উল্লেখনীয় বঁটা | ন'বেল বঁটা পদাৰ্থ বিজ্ঞান বিভাগত (১৯০৩) ডেভি মেডেল (১৯০৩) মেট্টেউচ্চি মেডেল (১৯০৪) ন'বেল বঁটা ৰসায়ন বিজ্ঞান বিভাগত (১৯১১) |
দাম্পত্যসঙ্গী | পিয়েৰ কুৰী (১৮৫৯–১৯০৬) |
স্বাক্ষৰ | |
টোকা দুটা ভিন্ন বিষয়ত ন'বেল বঁটা লাভ কৰা এখেতেই একমাত্ৰ ব্যক্তি। |
মেৰী কুৰীক জন্মতে নাম দিয়া হৈছিল মাৰিয়া ছেল'মিয়া স্ক্লডভ্স্কা। তেখেতৰ জন্ম হৈছিল সেই কালৰ 'পোলেণ্ড ৰাজ্য'ৰ ৱাৰশ্ব' চহৰত। পোলেণ্ডৰ ফ্লোটিং বিশববিদ্যালয়ত পঢ়া শেষ কৰি তেওঁ ৱাৰশ্ব'ত বিজ্ঞান পাঠ কৰে। ১৮৯১ চনত, ২৪ বছৰ বয়সত বায়েক ব্ৰনিস্লাভাৰ দৰেই পেৰিছলৈ অধ্যয়নৰ বাবে আহে। পেৰিছতে তেওঁ উচ্চ পৰ্যায়ৰ ডিগ্ৰী লাভ কৰে, আৰু পাছলৈ বিজ্ঞানৰ কৰ্মত ব্ৰতী হয়। ১৯০৩ চনত লাভ কৰা প্ৰথম ন'বেল বঁটা তেখেতে পদাৰ্থবিজ্ঞান শাখাত গিৰিয়েক পিয়েৰ কুৰী আৰু পদাৰ্থবিদ হেন্ৰি বেকুৰেলৰ লগত যুটীয়া ভাৱে লাভ কৰে। ১৯১১ চনত তেখেতে অকলেই ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।
তেখেতৰ অৱদান সমূহৰ ভিতৰত আছিল: তেজস্ক্ৰিয়তাৰ তত্ত্ব (radioactivity নামটোও তেখেতেই দিছিল),[4][5] তেজস্ক্ৰিয় সমস্থানিকৰ পৃথিকীকৰণ, আৰু দুবিধ মৌল ক্ৰমে প'ল'নিয়াম আৰু ৰেডিয়ামৰ আৱিষ্কাৰ। তেখেতৰ অধীনতে তেজস্ক্ৰিয় সমস্থানিকৰ প্ৰয়োগেৰে কৰ্কট ৰোগ চিকিৎসাৰ প্ৰথম গৱেষণা কৰা হৈছিল। তেখেতে পেৰিছ আৰু ৱাৰশ্ব'ত কুৰী শিক্ষা প্ৰতিষ্ঠানৰ স্থাপনা কৰে, যি কেইখন চিকিৎসা শাস্ত্ৰৰ গৱেষণাৰ বাবে পৃথিৱীৰ ভিতৰতে অগ্ৰনী প্ৰতিষ্ঠান। প্ৰথম বিশ্বযুদ্ধৰ সময়ত তেওঁ সামৰিক ক্ষেত্ৰত তেজস্ক্ৰিয়তা কেন্দ্ৰৰ স্থাপন কৰে। ফ্ৰান্সৰ নাগৰিক হৈ থকা সময়তো মেৰী স্ক্লডভ্স্কা-কুৰীয়ে (দুয়োটা উপাধিকে তেওঁ ব্যৱহাৰ কৰিছিল) নিজৰ প'লিছ পৰিচয় এৰা নাছিল। নিজৰ দুয়োগৰাকী জীয়েককে তেওঁ প'লিছ ভাষাৰ শিক্ষা দিছিল আৰু পোলেণ্ড ভ্ৰমণলৈ লৈ গৈছিল।[6] ১৮৯৮ চনত তেওঁ আৱিষ্কাৰ কৰা প্ৰথম মৌলৰ নাম পোলেণ্ডৰ নামেৰে প'ল'নিয়াম দিছিল। [lower-alpha 1]
১৯৩৪ চনত মেডাম কুৰীৰ মৃত্যু হয় এপ্লাষ্টিক এনিমিয়া (ইংৰাজী: Aplastic anemia) ৰোগত ভুগি। তেজস্ক্ৰিয় বিকিৰণৰ সংষ্পৰ্শত কাম কৰি থকাৰ বাবেই এই ৰোগে তেখেতৰ গাত বাহ লৈছিল।[8]