মহানাদ
ব্ৰহ্মাণ্ডৰ আটাইতকৈ আগৰ কালৰ আৰু ব্যাপক বিস্তাৰৰ বৰ্তমান ব্যৱহৃত ব্ৰহ্মাণ্ডতাত্ত্বিক শাস্ত্ / From Wikipedia, the free encyclopedia
মহানাদ (ইংৰাজী: Big Bang) ব্ৰহ্মাণ্ডৰ আটাইতকৈ আগৰ কালৰ আৰু ব্যাপক বিস্তাৰৰ বৰ্তমান ব্যৱহৃত ব্ৰহ্মাণ্ডতাত্ত্বিক শাস্ত্ৰ।[1][2][3] এই শাস্ত্ৰৰ মতে আগতে ব্ৰহ্মাণ্ডৰ ঘনত্ব অতি অধিক আছিল আৰু পিছলৈ ব্ৰহ্মাণ্ড বিস্তাৰিত হ'ল।[4][5] আধুনিক বিজ্ঞানীয়ে এই ঘটনাৰ সময় প্ৰায় ১৩.৮ বিলিয়ন বছৰ পূৰ্বৰ বুলি কয়, যাক ব্ৰহ্মাণ্ডৰ বয়স বুলি গ্ৰহণ কৰা হৈছে।[6] প্ৰথম বিস্ফোৰণৰ পিছত ব্ৰহ্মাণ্ডৰ তাপমাত্ৰা তীব্ৰ বেগেৰে কমি আহিল আৰু উপ-পৰমাণৱিক কণা আৰু পিছলৈ সাধাৰণ পৰমাণুৰ সৃষ্টি হ'ল। এই তত্ত্বসমূহৰ ডাঙৰ ডাঙৰ ডাৱৰে পিছলৈ মাধ্যাকৰ্ষণৰ বাবে তৰা আৰু হাটিপটি সৃষ্টি কৰিলে। মহানাদৰ শাস্ত্ৰই ব্ৰহ্মাণ্ডৰ অভ্যন্তৰীণ অৱস্থাসমূহ নুবুজাই, বৰঞ্চ সাধাৰণ বিবৰ্তনহে বুজায়।[4]
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
১৯২৭ত জৰ্জেচ লেমাইটাৰে কৈছিল যে সম্প্ৰসাৰণ হৈ গৈ থকা ব্ৰহ্মাণ্ডৰ আৰম্ভণি এটি বিন্দুৰ পৰা হ'ব পাৰে। বিজ্ঞানীসকলে সেই চিন্তাক গ্ৰহণ কৰিলে। মাজতে বিজ্ঞানীসকল দুটা ফৈদত বিভক্ত হৈছিল – সম্প্ৰসাৰণ হৈ থকা ব্ৰহ্মাণ্ডত বিশ্বাস কৰা আৰু ৰৈ থকা ব্ৰহ্মাণ্ডত বিশ্বাস কৰা। পিছে বিভিন্ন প্ৰমাণে ব্ৰহ্মাণ্ড যে সম্প্ৰসাৰণ হৈ গৈ আছে, সেই কথাকহে দেখুৱাইছে।[7] ১৯২৯ চনত এডুইন হাবলে লক্ষ কৰিলে যে তাৰকাপুঞ্জসমূহ পৰস্পৰৰ পৰা আঁতৰি গৈ আছে। এই কথাই সম্প্ৰসাৰণ হৈ গৈ থকা ব্ৰহ্মাণ্ডৰ ধাৰণাকেই সমৰ্থন কৰিলে। ১৯৬৪ চনৰ কস্মিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ড ৰেডিয়েচন আৱিষ্কাৰ হ'ল, যিয়ে মহানাদ আৰ্হিকেই সমৰ্থন কৰিলে। এই শাস্ত্ৰই আৱিষ্কাৰৰ আগতে ব্ৰহ্মাণ্ডব্যাপী বেকগ্ৰাউণ্ড ৰেডিয়েচন থকাৰ কথা কয়। তাৰো পিছত, চুপাৰ্নভেৰ ৰেডচিফ্টৰ জোখ-মাখে কয় যে ব্ৰহ্মাণ্ডৰ বহলীকৰণত ত্বৰণ দেখা গৈছে।[8] জনা পদাৰ্থ বিজ্ঞানৰ নিয়ম ব্যৱহাৰ কৰি আগৰ সময়ৰ ব্ৰহ্মাণ্ডৰ গুণাগুণ চাব পাৰি।[9][10][11]