ভ্লেডিমিৰ লেনিন
From Wikipedia, the free encyclopedia
ভ্লাডিমিৰ ইলিচ উলিয়ান'ভ (ইংৰাজী: Vladimir Ilyich Ulyanov, ৰুছ: Владимир Ильич Ульянов), জনপ্ৰিয়ভাৱে লেনিন[1] (২২ এপ্ৰিল [পুৰণি ৰুছ কেলেণ্ডাৰ মতে ১০ এপ্ৰিল] ১৮৭০ - ২১ জানুৱাৰী ১৯২৪) এগৰাকী ৰুছ সাম্যবাদী বিপ্লৱী, ৰাজনীতিবিদ আৰু ৰাজনৈতিক তত্ত্ববিদ আছিল। তেওঁ ১৯১৭ৰপৰা ১৯১৮লৈ ৰুছ গণৰাজ্যৰ, তথা ১৯১৮ৰপৰা ১৯২৪লৈ ৰুছ ছ'ভিয়েট যুক্তৰাজ্যিক সমাজবাদী গণৰাজ্যৰ আৰু ১৯২২ৰপৰা ১
১৯২৪লৈ ছ'ভিয়েট সংঘৰ চৰকাৰৰ মুৰব্বী আছিল। তেওঁৰ শাসনত ৰুছ আৰু পাছলৈ বহল ছ'ভিয়েট সংঘ এক এক-দলীয় সাম্যবাদী দেশলৈ পৰিণত হ'ল। মাৰ্ক্সবাদী ভাৱধাৰাৰ লেনিনে লেনিনবাদ নামে জনাজাত ৰাজনৈতিক সূত্ৰ বিকশিত কৰিলে।