ভেঁটি
From Wikipedia, the free encyclopedia
ভূমি, নিধান, মূল বা ভেঁটি (ইংৰাজী: radix বা base) হ’ল সংখ্যা প্ৰণালী এটাক তথা গণনা প্ৰণালীক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা এটা একক (unique) সংখ্যা। উদাহৰণস্বৰূপে, দশমিক প্ৰণালীত ভূমি হ’ল ১০ আৰু ইয়াত অংকসমূহ হ’ল ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮ আৰু ৯ ; আকৌ দ্বৈত প্ৰণালীত ভূমি হ’ল ২ আৰু ইয়াত অংকসমূহ হ’ল ০ আৰু ১ ।
১ আধাৰ যুক্ত সংখ্যা প্ৰণালী (Unary numeral system) ৰ বাহিৰে যিকোনো ভূমিৰ সংখ্যা প্ৰণালীতে ভূমিটোক "১০" ৰে বুজুৱা হয়। উদাহৰণস্বৰূপে, দশমিক প্ৰণালীত দহক "১০" ৰে বুজোৱা হয়, একেদৰে দ্বৈত প্ৰণালীত দুইক "১০" ৰে বুজোৱা হয়।
ইয়াত মূলক বীজগণিতীয় সমীকৰণ আদিৰ মূলক বুজোৱা হোৱা নাই। মূলসমূহ সাধাৰণতে স্বাভাৱিক সংখ্যা হয় যদিও কোনো ক্ষেত্ৰত ঋণাত্মক অখণ্ড সংখ্যা আৰু আন বীজীয় সংখ্যাও মূল হিচাপে লোৱা হয়।
398 সংখ্যাটোৱে 13 ভূমিৰ সংখ্যাক বুজায়, তেন্তে দশমিক প্ৰণালীত ই ক বুজাব, অৰ্থাৎ দশমিক প্ৰণালীত ইয়াৰ মান হ’ব 632 । সাধাৰণভাৱে, যদি b > 1, তেন্তে b ভূমিৰ এটা সংখ্যা য়ে দশমিক প্ৰণালীত বুজাব, য’ত ।[1]