বিষ্ণু ৰাভা বঁটা
অসম চৰকাৰে প্ৰদান কৰা বঁটা / From Wikipedia, the free encyclopedia
বিষ্ণু ৰাভা বঁটা (ইংৰাজী: Bishnu Rabha award) অসমীয়া সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত আগবঢ়োৱা এক সন্মানজনক বঁটা। অসম চৰকাৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা অসমৰ বিভিন্ন ঠাইত কেন্দ্ৰীয়ভাৱে আয়োজিত বিষ্ণু ৰাভা দিৱসত এই বঁটা অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা বিশিষ্ট অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিসকলক প্ৰদান কৰা হয়।[1][2] এই বঁটাত নগদ ১ লাখ টকা, জাপি, গামোচা, শৰাই আৰু এখন মানপত্ৰ আগবঢ়োৱা হয়।