বিষ্ণু খাৰঘৰীয়া
অসমীয়া অভিনেতা / From Wikipedia, the free encyclopedia
বিষ্ণু খাৰঘৰীয়া (ইংৰাজী: Bishnu Khargharia, জন্ম-১৯৪৬) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। নাটকৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰা বিষ্ণু খাৰঘৰীয়াই ১৯৭১ চনত চিনেমাৰ জগতখনত প্ৰৱেশ কৰে৷ তেখেতৰ প্ৰথমখন চিনেমা আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পৰিচালনাত অৰণ্য ৷ ২০২১ বৰ্ষত তেখেতে অভিনয়-জীৱনত সোণালী জয়ন্তী স্পৰ্শ কৰে৷[2] জাহ্নু বৰুৱা, মুনীন বৰুৱাকে ধৰি বহুকেইগৰাকী প্ৰতিষ্ঠিত চলচ্চিত্ৰকাৰৰ ছবিত মননশীল অভিনয় কৰি সুখ্যাতি অৰ্জন কৰা অভিনেতাজনে বিগত পাঁচ দশকত ত্ৰিশতকৈও অধিকসংখ্যক ছবিত অভিনয় কৰিছে৷ সাগৰলৈ বহুদূৰ, বান্ধোন, কণিকাৰ ৰামধেনু, আজান ফকীৰ চাহেব, ফিৰিঙতি হৈছে তেখেতৰ কেইখনমান গুৰুত্বপূৰ্ণ চলচ্চিত্ৰকৰ্ম৷ ১৯৯৫ আৰু ২০১২ চনত তেখেতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে৷ ২০১২ চনত তেখেতক প্ৰাগ চিনে বঁটা-প্ৰদান অনুষ্ঠানত জীৱনজোৰা সাধনাৰ বঁটাৰে সন্মানীত কৰা হয়৷
বিষ্ণু খাৰঘৰীয়া | |
---|---|
আজান ফকীৰৰ জীৱনীমূলক কাহিনীৰে নিৰ্মিত আজান ফকীৰ চাহেব নামৰ অসমীয়া চলচ্চিত্ৰখনত আজান ফকীৰৰ ৰূপত বিষ্ণু খাৰঘৰীয়া | |
জন্ম | ১৯৪৬ অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় |
পেচা | অভিনেতা |
সক্ৰিয় হৈ থকা সময় | ১৯৭১-বৰ্তমান |
উল্লেখযোগ্য কৰ্ম | [1] |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|