বিশ্ব খাদ্য কাৰ্যসূচী
বিশ্ব খাদ্য কাৰ্য সূচী / From Wikipedia, the free encyclopedia
বিশ্ব খাদ্য কাৰ্যসূচী (ইংৰাজী: World Food Programme, WFP) হৈছে ৰাষ্ট্ৰসংঘৰ খাদ্য-সাহায্য শাখা আৰু বিশ্বৰ সৰ্ববৃহৎ মানৱহিতৈষী সংস্থা। এওঁলোকৰ মূল লক্ষ্য হৈছে ক্ষুধা-নিৰ্মূল আৰু খাদ্য সুৰক্ষা।[1] ১৯৬১ চনত স্থাপিত হোৱা এই বিশেষ সংস্থাটোৰ মুখ্য কাৰ্যালয় ৰোমত অৱস্থিত। বিশ্বৰ ৮০খন দেশত তেওঁলোকৰ কাৰ্যালয় আছে। আনুষ্ঠানিক পৰিসংখ্যা অনুসৰি, বিশ্ব খাদ্য কাৰ্যসূচীয়ে গড় হিচাপত প্ৰতিবছৰে ৮৩খন দেশৰ প্ৰায় ৯১.৪ মিলিয়ন মানুহক খাদ্য-সাহায্য আগবঢ়ায়।[2] ২০১৯ চন পৰ্যন্ত, তেওঁলোকৰ সেৱাই ৮৮খন দেশৰ প্ৰায় ৯৭ মিলিয়ন মানুহক স্পৰ্শ কৰিছে।[3]তেওঁলোকৰ দুই-তৃতীয়াংশ কাৰ্যসূচী সংঘাতজৰ্জৰ ক্ষেত্ৰসমূহত ৰূপায়ণ কৰা হয়।[4]
বিশ্ব খাদ্য কাৰ্যসূচী World Food Programme | |
---|---|
চমু নাম | WFP |
প্ৰতিষ্ঠা | ১৯ ডিচেম্বৰ ১৯৬১; ৬২ বছৰ আগত (1961-12-19) |
ধৰণ | আন্তঃচৰকাৰী সংস্থা, নিয়ামক গোট, উপদেষ্টা পৰিষদ |
সক্ৰিয়তা | সক্ৰিয় |
প্ৰধান কাৰ্যালয় | ৰোম, ইটালী |
মাতৃ সন্থা | ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা |
ৱেবছাইট | wfp.org |
জৰুৰীকালীন খাদ্য সাহায্যৰ লগতে বিশ্ব খাদ্য কাৰ্যসূচীয়ে সকাহ আৰু পুনৰসংস্থাপন, উন্নয়নমূলক সাহায্য, বিশেষ কাৰ্যনীতি যেনে- গোলকীয় উষ্ণতা আৰু ৰাজনৈতিক অচলাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য ব্যৱস্থাটোক অধিক সক্ৰিয় তথা সহনশীল কৰাতো গুৰুত্ব প্ৰদান কৰি আহিছে।[5] ই হৈছে ৰাষ্ট্ৰসংঘ উন্নয়ন গোটৰ এক কাৰ্যবাহী সদস্য।[6] যিয়ে সামূহিকভাৱে ১৭টা বহনক্ষম উন্নয়নৰ লক্ষ্য (Sustainable Development Goals) পূৰণ কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে আৰু ২০৩০ৰ আগে আগে বহনক্ষম উন্নয়নৰ দ্বিতীয়টো লক্ষ্য অৰ্থাৎ শূন্য ক্ষুধাক অতিক্ৰম কৰাত অগ্ৰাধিকাৰ দিছে।[7]
২০২০ চনত বিশ্ব খাদ্য কাৰ্যসূচীক শান্তিৰ ন'বেল বঁটাৰে সন্মানীত কৰা হয়। ক্ষুধাৰ বিৰুদ্ধে যুঁজ দিয়া, সংঘাত-জৰ্জৰ অঞ্চলত শান্তি স্থাপন কৰা, খাদ্যক যুদ্ধ আৰু সংঘাতৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ এই কাৰ্যসূচীয়ে যিদৰে সক্ৰিয়তা প্ৰদৰ্শন কৰি আহিছে- তাৰ বাবে তেওঁলোকক উক্ত সন্মান আগবঢ়োৱা হয়।[8][9]