বসন্ত ঋতু
বছৰৰ এক ঋতু / From Wikipedia, the free encyclopedia
বসন্ত ঋতু (ইংৰাজী: Spring) ছয় ঋতুৰ শেষ ঋতু। ফাগুন মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ চ'ত আৰু ব'হাগ মাহৰ প্ৰায় শেষলৈকে বসন্ত কাল অনুভূত হয়। গ্ৰীষ্ম মণ্ডলটো সূৰ্যৰ সমুখলৈ ঢাল খোৱা বাবে গ্ৰীষ্মমণ্ডলৰ ঠাই সমূহত এই সময়ত উত্তাপ লাহে লাহে বৃদ্ধি হয় আৰু দুই এজাক পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হয়। এই ঋতুত গছত কুঁহি পাত ওলায় আৰু বিভিন্ন ধৰণৰ ফুল ফুলে। গছ-গছনি ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে। এই সময়ত শীতকালত শীতনিদ্ৰা কৰা জীৱ সমূহ সাৰ পায়। এই সময়ত বহু জীৱ-জন্তু যৌন মিলনত লিপ্ত হৈ বংশ বৃদ্ধিৰ বাবে তৈয়াৰ হয়। এই সময়ত অসমৰ হাবিত কুলি-কেতেকীৰ মাত শুনিবলৈ পোৱা যায়। কপৌ ফুলৰ দৰে বিভিন্ন প্ৰজাতিৰ অৰ্কিড ফুলিবলৈ আৰম্ভ কৰে। বিভিন্ন অঞ্চলত এই সময়ত বসন্ত উৎসৱ পালন কৰা দেখা যায়। অসমত এই সময়ত বহাগ বা ৰঙালী বিহু পালন কৰা হয়। প্ৰকৃতিৰ মনোমোহা ৰূপৰ বাবে এই ঋতুক ঋতুৰাজ বসন্ত বুলিও কোৱা হয়।[1]