অসমীয়া–বঙালী লিপি
ভাৰতীয় লিপি / From Wikipedia, the free encyclopedia
অসমীয়া–বঙালী লিপি হৈছে অসমীয়া আৰু বঙালী বৰ্ণমালাৰ ভেটি। ই প্ৰধানকৈ দুবিধ প্ৰধান ভাষাৰ বাবে ব্যৱহাৰ হয়: অসমীয়া আৰু বঙালী। এই দুবিধৰ বাহিৰেও ইয়াক বহুতো ভাষা যেনে বিষ্ণুপ্ৰিয়া মণিপুৰী, মেইতেই মণিপুৰী, ককবৰক, চট্টগ্ৰামীয়া আৰু আন আন অসমীয়া-বঙালী ভাষাৰ বাবে ব্যৱহাৰ কৰা হয়। অতীতত ই খাছী, বড়ো, কাৰ্বি, মিছিং আদি ভাষাৰ বাবেও ব্যৱহাৰ কৰা হৈছিল। আধুনিক ছিলঠীয়া ভাষাৰ কাৰণেও মাজে মাজে এই লিপি ব্যৱহাৰ কৰা হয়। সেইবাবে ই পৃথিৱীৰ ৫ম আটাইতকৈ বেছি ব্যৱহাৰ হোৱা লিপি।
ক্ষিপ্ৰ তথ্য অসমীয়া–বঙালী, প্ৰকাৰ ...
অসমীয়া–বঙালী | |
---|---|
প্ৰকাৰ | আবুগিডা |
ভাষা | অসমীয়া বঙালী বিষ্ণুপ্ৰিয়া মণিপুৰী মেইতেই মণিপুৰী ছিলঠীয়া চাওঁতালী খাছী ককবৰক গাৰো হাজং চট্টগ্ৰামীয়া আৰু অন্যান্য। |
সময় | c. 1100–present |
মাতৃ লিপি | |
ISO 15924 | Beng, 325 |
দিশ | বাওঁৰ পৰা সোঁ |
ইউনিক'ড নাম | Bengali |
ইউনিক'ড ৰে'ঞ্জ | U+0980–U+09FF |
[a] ব্ৰাহ্মীয়া লিপিবিলাক চেমিটিয়া মূলৰ বুলি সকলোৱে নামানে।
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে। |
বন্ধ কৰক