নাদিয়া মুৰাদ
From Wikipedia, the free encyclopedia
নাদিয়া মুৰাদ বাছি তাহা (কুৰ্দি: نادیە موراد, আৰবী: نادية مراد; জন্ম : ১৯৯৩) ইৰাক দেশৰ এগৰাকী য়াযিদি কুৰ্দিছ মানৱ অধিকাৰকৰ্মী।[1][2][3][4] তেওঁ ইছলামিক ষ্টেট অফ ইৰাক এণ্ড দা লেভেণ্টৰ দ্বাৰা অপহৰণ কৰি তিনি মাহৰ বাবে বন্দী অৱস্থাত আছিল।[5][6][7] তেওঁক "যৌন নিৰ্যাতনক যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ বন্ধ কৰা অৱদান"ৰ প্ৰতি স্বীকৃতি জনাই ডেনিছ মুকৱেগেৰ সৈতে যুটীয়া বাবে ২০১৮ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।[8]
ক্ষিপ্ৰ তথ্য নাদিয়া মুৰাদNadia Murad, জন্ম ...
নাদিয়া মুৰাদ Nadia Murad | |
---|---|
জন্ম | নাদিয়া মুৰাদ বাছি তাহা ১৯৯৩ (বয়স ৩০–৩১) ক'জ', ইৰাক |
পেচা | মানৱ অধিকাৰকৰ্মী |
সক্ৰিয় হৈ থকা সময় | ২০১৪–বৰ্তমানলৈ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শান্তিৰ নোবেল বঁটা (২০১৮) |
বন্ধ কৰক
তেওঁ নাদিয়াছ ইনিচিয়েটিভ নামৰ এটি সংস্থা গঠন কৰে। এই সংস্থাটোৱে জিন'ছাইড, মাচ এট্ৰচাইটিছ আৰু মানৱ সৰবৰাহৰ ভুক্তভোগী শিশু আৰু মহিলাক শুশ্ৰূষা আৰু পুনৰবাসত সহায় কৰে।[9]