গুগল
আমেৰিকাৰ বহুৰাষ্ট্ৰীয় প্ৰযুক্তি কোম্পানী / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো গুগল কোম্পানীৰ বিষয়ে। একেই নামৰ সংখ্যাৰ বাবে গুগ'ল চাওক।
গুগল ইন্কৰ্পোৰেটেড (ইংৰাজী: Google Incorporated) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰযুক্তি কোম্পানী। গুগল সাধাৰণতে গুগল চাৰ্চ ইঞ্জিন আৰু অনলাইন বিজ্ঞাপন সেৱাৰ বাবে বিশ্ববিখ্যাত। ইয়াৰ প্ৰধান কাৰ্যালয় কেলিফৰ্নিয়াৰ মাউণ্টেইন ভিউ চহৰত অৱস্থিত। গুগলৰ মূলমন্ত্ৰ হ'ল "বিশ্বৰ তথ্য একত্ৰিত কৰি সেইবোৰ সকলোৰে বাবে সহজলভ্য কৰি তোলা। " গুগলৰ নিজস্ব প্ৰতিষ্ঠানিক মূলমন্ত্ৰ হ'ল "Don't be evil" অৰ্থাৎ "কেতিয়াও বেয়া নহ'ব"। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দুজন পি এইচ ডি অধ্যয়নৰত ছাত্ৰ লেৰী পে'জ আৰু চাৰ্গেই ব্ৰিন গুগলৰ প্ৰতিষ্ঠাপক।[5][6]
ক্ষিপ্ৰ তথ্য ধৰণ, উদ্যোগ ...
ধৰণ | পাব্লিক কোম্পানী ("নাচডেক": GOOG), (এল এচ ই: GGEA) |
---|---|
উদ্যোগ | ইণ্টাৰনেট, কম্পিউটাৰ ছফ্টৱেৰ |
স্থাপিত | মেনলো পাৰ্ক, কেলিফোৰ্নিয়া (৪ ছেপ্টেম্বৰ, ১৯৯৮)[1] [2] |
মুখ্য কাৰ্যালয় | মাউণ্টেন ভিউ, কেলিফোৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
নেতৃস্থানীয় ব্যক্তিত্ব | সুন্দৰ পিচাই, চিইঅ/পৰিচালক চাৰ্গেই ব্ৰিন, সহ-প্ৰতিষ্ঠাপক, প্ৰযুক্তি প্ৰেছিডেণ্ট লেৰী পেজ, সহ-প্ৰতিষ্ঠাপক, পণ্য প্ৰেছিডেণ্ট জৰ্জ ৰেয়েচ, চিএফঅ |
পণ্য | চাৰ্চ ইঞ্জিন, ইমেইল, সামাজিক সংযোগী নেটৱৰ্ক, ভিডিঅ শ্বেয়াৰিং ইত্যাদি |
ৰাজহ | ১০.৬০৪ বিলিয়ন আমেৰিকান ডলাৰ ৭৩% (২০০৬)[3] |
মুঠ আয় | ৩.০৭৭ বিলিয়ন আমেৰিকান ডলাৰ ২৯% (২০০৬)[3] |
মুঠ সম্পত্তি | ১৮.৪৭৩ বিলিয়ন আমেৰিকান ডলাৰ (২০০৬)[3] |
Total equity | ১৭.০৩৯ বিলিয়ন আমেৰিকান ডলাৰ (২০০৬)[3] |
কৰ্মচাৰীৰ সংখ্যা | ১৫,৯১৬ (২০০৭ চনৰ ৩০ ছেপ্টেম্বৰত)[4] |
ৱেবছাইট | www.google.com |
বন্ধ কৰক