আলেকজেণ্ডাৰ ফ্লেমিং
From Wikipedia, the free encyclopedia
ছাৰ আলেকজেণ্ডাৰ ফ্লেমিং FRS FRSE FRCS [1] (৬ আগষ্ট ১৮৮১ – ১১ মাৰ্চ ১৯৫৫) এজন স্কটিছ চিকিৎসক আৰু অনুজীৱ বিজ্ঞানী আছিল। তেওঁ ১৯২৮ চনত পৃথিৱীৰ প্ৰথমটো প্ৰতিজৈৱিক পদাৰ্থ বা এণ্টিবায়'টিকৰ আৱিষ্কাৰৰ বাবে বিখ্যাত। ইয়াক তেওঁ পেনিচিলিন নাম দিছিল আৰু পাছলৈ বেন্জাইল পেনিচিলিন (বা পেনিচিলিন জি) নাম দিয়া হয়। পেনিচিলিয়াম ৰুবেন্স নামৰ ভেঁকুৰৰ পৰা উলিওৱা এই প্ৰতিজৈৱিকৰ আৱিষ্কাৰক "ৰোগৰ বিপক্ষে সবাতোকৈ ডাঙৰ জয়" আখ্যা দিয়া হয়।[3][4] এই আৱিষ্কাৰৰ বাবে তেওঁ ১৯৪৫ চনত হাৱাৰ্ড ফ্ল'ৰে আৰু আৰ্নষ্ট ব'ৰিছ চেইনৰ সৈতে শৰীৰতত্ব বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।[5][6][7]
এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
আলেকজেণ্ডাৰ ফ্লেমিং | |
---|---|
পৰীক্ষাগাৰত ফ্লেমিং সাঁচ:C. ১৯৪৩ | |
জন্ম | ০৬ আগষ্ট, ১৮৮১ ডাৰৱেল, আৰশ্বায়াৰ, স্কটলেণ্ড |
মৃত্যু | ১১ মাৰ্চ, ১৯৫৫ (৭৩ বছৰ) লণ্ডন, ইংলেণ্ড |
ক্ষেত্ৰ | বেক্টেৰিয়া বিজ্ঞান, দেহপ্ৰতিৰক্ষা বিজ্ঞান |
শিক্ষানুষ্ঠান |
|
জনা যায় | পেনিচিলিনৰ আৱিষ্কাৰ আৰু লাইজ'জাইম |
উল্লেখনীয় বঁটা | |
স্বাক্ষৰ |
তেওঁ ১৯২২ চনত নিজৰ নাকৰ ক্ষৰণৰ পৰা এটা উৎসেচক আৱিষ্কাৰ কৰি লাইজ'জাইম নাম দিয়ে আৰু তাৰ লগতে এটা বেক্টেৰিয়া উলিয়াই Micrococcus Lysodeikticus নাম দিয়ে (পাছলৈ মাইক্ৰ'ক'কাছ লুটিয়াছ।
১৯৪৪ চনত ফ্লেমিঙক তেওঁৰ বৈজ্ঞানিক অৱদানৰ বাবে নাইটহুড প্ৰদান কৰা হয়।[8] ১৯৯৯ চনত তেওঁক টাইম আলোচনীৰ বিংশ শতিকাৰ ১০০ গৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিৰ তালিকাত স্থান দিয়া হয়। ২০০২ চনত তেওঁ বিচিচি'ৰ ১০০ গৰাকী শ্ৰেষ্ঠ ব্ৰিটিছৰ সমীক্ষাত স্থান পায় আৰু ২০০৯ চনত STVয়ে কৰ এটা সমীক্ষাত ৰবাৰ্ট বাৰ্নছ আৰু ৱিলিয়াম ৱালেছৰ পাছতে তৃতীয় "শ্ৰেষ্ঠ স্কট"ৰ সন্মা লাভ কৰে।