আলফ্ৰেড হিচকক
From Wikipedia, the free encyclopedia
চাৰ আলফ্ৰেড জোচেফ হিচকক (ইংৰাজী: Alfred Hitchcock; জন্ম: ১৩ আগষ্ট, ১৮৯৯ - মৃত্যু: ২৯ এপ্ৰিল, ১৯৮০)[1] এজন ইংৰাজ চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। যুক্তৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগত তেওঁ নিৰ্বাক আৰু সবাক দুই ধৰণৰ ছবি নিৰ্মাণ কৰি তেওঁ সফলতা অৰ্জন কৰিছিল। তেওঁ ইংলেণ্ডৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালক হিচাপে সফলতা পোৱাৰ পিছত হলিউডলৈ গুচি আহে। আৰু ১৯৫৫ চনত তেওঁ যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰে।[2]
চাৰ আলফ্ৰেড হিচকক | |
---|---|
আলফ্ৰেড হিচকক প্ৰেজেণ্টচ্ৰ চেটত আলফ্ৰেড হিচকক (১৯৫৫) | |
জন্ম | আলফ্ৰেড জোচেফ হিচকক ১৩ আগষ্ট, ১৮৯৯ Leytonstone, এচেক্স, ইংলেণ্ড |
মৃত্যু | ২৯ এপ্ৰিল, ১৯৮০ (৮০ বছৰ) বেল এয়াৰ, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
নাগৰিকত্ব | ব্ৰিটিছ আমেৰিকা যুক্তৰাষ্ট্ৰ (১৯৫৫ৰ পৰা) |
শিক্ষা | Salesian College, Battersea |
শিক্ষানুষ্ঠান | ইগনিয়াচ কলেজ, লণ্ডন |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯১৯–১৯৮০ |
দাম্পত্যসঙ্গী | আলমা ৰেৱিলি (বি. ১৯২৬) |
সন্তান | পেট্ৰিটিয়া হিচকক |
ৱেবছাইট | |
[http:// alfredhitchcock.com] |
হিচককে ৫০ বছৰতকৈও অধিক চলচ্চিত্ৰ পৰিচালনা জীৱনত পৰিচালনাৰ এক সম্পূৰ্ণ স্বতন্ত্ৰ আৰু জনপ্ৰিয় ধাৰাৰ সৃষ্টি কৰিছে, যিটো হিচককিয়ান বুলি উল্লেখ হয়।[3] ঊদ্বেগ, ভয়, কল্পনা অথবা সহানুভূতিৰ অভিব্যক্তিক গাঢ় কৰি তেওঁ শ্বটবোৰক এনেকৈ দৃশ্যগ্ৰহণ আৰু সম্পাদনা কৰে যে ইয়ে ছবিখনক এক অন্যন্য মাত্ৰা প্ৰদান কৰে।[4] তেওঁৰ ছবিসমূহৰ অধিকাংশতে নাৰী চৰিত্ৰ পোৱা যায়, যিয়ে পুলিচৰ পৰা সকলো সময়তে পলাই থাকে।[5]