আব্ৰাহামিক ধৰ্ম
From Wikipedia, the free encyclopedia
ইব্ৰাহিমীয় ধৰ্ম বা আব্ৰাহামিক ধৰ্ম (ইংৰাজী: Abrahamic Religions) বুলিলে একেশ্বৰবাদী ধৰ্মসমূহক বুজোৱা হয়, যিসকলৰ মাজত ইব্ৰাহিমৰ সৈতে সম্পৰ্কিত ধৰ্মীয় উৎপত্তি[1] অথবা ধৰ্মীয় ইতিহাসগত ধাৰাবাহিকতা বিদ্যমান।[2][3][4] এইসকলো ধৰ্ম হজৰত ইব্ৰাহিম (আঃ) অথবা তেখেতৰ বংশধৰে প্ৰচাৰ কৰিছিল। ভাৰত, চীন, জাপান ইত্যাদি দেশৰ উপজাতিয় অঞ্চলৰ বাদ দি গোটেই বিশ্বত এই মতবাদৰ আধিপত্য। তুলনামূলক ধৰ্মতত্ত্বত যি তিনিটা ধৰ্মগত শ্ৰেণীবিন্যাস পোৱা যায়, সিহঁতৰ মাজত ইব্ৰাহিমীয় ধৰ্ম এটা শ্ৰেণী; অন্য দুটা শ্ৰেণী হৈছে ভাৰতীয় ধৰ্ম (উদাহৰণ- হিন্দু ধৰ্ম) আৰু পূৰ্ৱ এচিয় ধৰ্ম।[5]