আবি আহমেদ আলি
From Wikipedia, the free encyclopedia
আবি আহমেদ আলি (সংক্ষেপে আবি আহমেদ অথবা আবি;জন্ম ১৫ আগষ্ট ১৯৭৬) এগৰাকী ইথিঅ'পিয়াৰ ৰাজনীতিবিদ আৰু ২ এপ্ৰিল ২০১৮ চনৰ পৰা ইথিঅ'পিয়াৰ ১৫তম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে।[2][3]
আবি আহমেদ আলি | |
---|---|
ዐቢይ አህመድ አሊ | |
২০১৮ চনত আবি আহমেদ | |
ইথিঅ'পিয়াৰ ১৫তম প্ৰধানমন্ত্ৰী | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২ এপ্ৰিল ২০১৮ | |
ৰাষ্ট্ৰপতি | মুলাটো তিছোম সাহলে-ৱৰ্ক জুডি |
সহকাৰী | ডিমেক মিকোনেন |
পূৰ্বসূৰী | হাইলমাৰিয়াম ডিছালজেন |
ইথিঅ'পিয়ান পিপল'ছ ৰেভুল্যছনেৰী ডেম'ক্ৰেটিক ফ্ৰণ্টৰ ৩য় অধ্যক্ষ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২৭ মাৰ্চ ২০১৮ | |
সহকাৰী | ডিমেক মিকোনেন |
পূৰ্বসূৰী | হাইলিমাৰিয়াম ডিছালজেন |
অৰুমু ডেম'ক্ৰেটিক পাৰ্টিৰ নেতা | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২২ ফেব্ৰুৱাৰী ২০১৮ | |
সহকাৰী | লিমা মেগাৰচা |
পূৰ্বসূৰী | লেমা মেগাৰচা |
ইথিঅ'পিয়াৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী | |
কাৰ্যকাল ৬ অক্টোবৰ ২০১৫ – ১ নৱেম্বৰ ২০১৬ | |
প্ৰধানমন্ত্ৰী | হাইলিমাৰিয়াম ডিছালজেন |
পূৰ্বসূৰী | দিমুতো হামবিচিটু |
তথ্য জাল আৰু আন্তঃজাল সুৰক্ষা প্ৰতিষ্ঠানৰ পৰিচালক ভাৰপ্ৰাপ্ত | |
কাৰ্যকাল ২০০৮ – ২০১৫ | |
পূৰ্বসূৰী | টেকলিবাৰগান ৱল্ড ডিয়াৰগে |
ব্যক্তিগত তথ্য | |
জন্ম | ১৫ আগষ্ট, ১৯৭৬ (৪৭ বছৰ) বিশাসা, জিমা অঞ্চল, ছ'চিয়েলিষ্ট ইথিঅ'পিয়া |
ৰাজনৈতিক দল | অৰুমু ডেম'ক্ৰেটিক পাৰ্টি |
আন ৰাজনৈতিক সম্পৰ্ক |
ইথিঅ'পিয়ান পিপল'ছ ৰেভুল্যছনেৰী ডেম'ক্ৰেটিক ফ্ৰণ্ট |
দাম্পত্যসঙ্গী | জিনাছ তায়াচিউ[1] |
সন্তান | তিনিগৰাকী কন্যা আৰু এজন তুলনীয়া পুত্ৰ |
শিক্ষা | মাইক্ৰ'লিংক তথ্য প্ৰযুক্তি মহাবিদ্যালয় (বি.এ) গ্ৰীনিছ বিশ্ববিদ্যালয় (এম.এ) এশ্বলেণ্ড বিশ্ববিদ্যালয় (এম.বি.এ) এডিছ আবাবা বিশ্ববিদ্যালয় (পিএইচডি) |
পুৰস্কাৰ | শান্তিৰ নোবেল বঁটা (২০১৯) |
ৱেবছাইট | চৰকাৰী ৱেবচাইট |
সামৰিক সেৱা | |
আনুগত্য | ইথিঅ'পিয়া |
সেৱা/শাখা | ইথিঅ'পিয়ান সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৯১-২০১০ |
ৰেঙ্ক | লেফটেনেন্ট কৰ্ণেল |
ইউনিট | আৰ্মী চিগনেল কৰ্পছ |
কামাণ্ড | তথ্য জাল আৰু আন্তঃজাল সুৰক্ষা প্ৰতিষ্ঠান |
যুদ্ধ | ইথিঅ'পিয়াৰ গৃহযুদ্ধ ৰাৱাণ্ডা গণহত্যাৰ পিছত ৰাৱাণ্ডা মিছনত যোগ ইৰিথ্ৰীয়া-ইথিঅ'পিয়া যুদ্ধ |
তেওঁ ইথিঅ'পিয়ান পিপল'ছ ৰেভুল্যছনেৰী ডেম'ক্ৰেটিক ফ্ৰণ্ট আৰু অৰুমু ডেম'ক্ৰেটিক পাৰ্টিৰ অধ্যক্ষৰ পদত অধিষ্ঠিত আছিল।[4][5] তদুপৰি তেওঁ ইথিঅ'পিয়াৰ সাংসদ আৰু অডিপি আৰু ইপিআৰডিএফ ৰ কাৰ্যবাহী কমিটিলৈ নিৰ্বাচিত হৈছিল।
সেনাৰ ইণ্টেলিজেন্টছৰ লগত জড়িত আবি আহমেদ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত ৰাজনীতি আৰু অৰ্থনৈতিক পুনৰগঠনত অহোপুৰুষাৰ্থ কৰিছিল।[6][7][8] ২০১৯ চনত আবি আহমেদৰ প্ৰচেষ্টাৰ ফলতে ইৰিথ্ৰীয়াৰ সৈতে ইথিঅ'পিয়াৰ পুৰণি যুদ্ধৰ অৱসান ঘটিল। ১৯৯৮ চনত আৰম্ভ হোৱা সীমান্তৰ যুদ্ধত দুই দেশৰ প্ৰায় ৭০ হাজাৰ মানুহ নিহত হৈছিল। ২০০০ চনত সিহঁতৰ মাজত শান্তিচুক্তি স্বাক্ষৰিত হয় যদিও উত্তেজনা মুঠেও কমা নাছিল। শান্তি আৰু আন্তৰ্জাতিক সহযোগিতা আৰু ইথিঅ'পিয়া আৰু ইৰিথ্ৰীয়াৰ দীৰ্ঘ ২০ বছৰৰ সমস্যাৰ নিবাৰণৰ বাবে তেওঁক ২০১৯ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে।[9]