আডা লাভলেছ
From Wikipedia, the free encyclopedia
অগুষ্টা আডা কিং, কাউণ্টেছ অৱ লাভলেছ (née বাইৰন; ১০ ডিচেম্বৰ ১৮১৫ – ২৭ নৱেম্বৰ ১৮৫২) এগৰাকী ইংৰাজ গণিতজ্ঞ আৰু লেখিকা আছিল, মূলতঃ তেওঁৰ বাবেই চাৰ্লছ বেবেজৰ কম্পিউটাৰ আৰু বিশ্লেষণাত্মক ইঞ্জিনৰ যান্ত্ৰিক উদ্দেশ্যৰ ওপৰত কামৰ পৰিচয় হয় । প্ৰথমে তেওঁয়েই জানিছিল যে মেচিনটোৰ শুদ্ধ গননাৰ বাহিৰেও আন প্ৰয়োগ আছে। আডা বাইৰন আছিল কবি লৰ্ড বাইৰন আৰু সংস্কাৰক এন্নে ইছাবেলা মিলবেংকেৰ একমাত্ৰ বৈধ সন্তান।[2] লৰ্ড বাইৰনৰ আন সন্তানসকল মানে লাভলেছৰ সকলো ভাই-ভনী ৰ জন্ম হৈছিল লৰ্ড বাইৰনৰ বিবাহৰ বাহিৰত আন মহিলাৰ পৰা।[3] আদা জন্মৰ এমাহৰ পাছত বাইৰনে পত্নীৰ পৰা বিচ্ছেদ ঘটাই চিৰদিনৰ বাবে ইংলেণ্ড এৰে। আডাৰ বয়স আঠ বছৰ বয়সত গ্ৰীচত লৰ্ড বাইৰনৰৰ মৃত্যু হয়। মাকে আডাৰ লালন-পালনৰ বাবে চিন্তাম্বিত আছিল আৰু দেউতাকৰ দৰে উন্মাদ স্বভাৱৰ নহবৰ বাবে আদাক গণিত আৰু যুক্তিৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিছিল। ইয়াৰ পিছতো আডাই তেওঁৰ প্ৰতি আগ্ৰহী হৈ থাকি, তেওঁৰ দুজন পুত্ৰৰ নাম বাইৰন আৰু গৰ্ডন ৰাখিলে। মৃত্যুৰ সময়ত আডাৰ অনুৰোধত তেওঁক পিতৃৰ কাষতে সমাধিস্থ কৰা হয়। শৈশৱত প্ৰায়ে অসুস্থ হ’লেও আডাই পঢ়া-শুনাত অত্যন্ত ধ্য়ান দিছিল। ১৮৩৫ চনত উইলিয়াম কিঙৰ সৈতে তেওঁৰ বিবাহ হয়।১৮৩৮ চনত কিঙক লাভলেছৰ আৰ্ল হিচাপে নিযুক্তি দিয়া হয়, যাৰ ফলত আডা লাভলেছৰ কাউণ্টেছ হয়।
কাউণ্টেছ লাভলেছ | |
---|---|
জন্ম | মাননীয় ড. অগাষ্টা আডা বাইৰন ১০ ডিচেম্বৰ, ১৮১৫ লণ্ডন, ইংলেণ্ড |
মৃত্যু | ২৭ নৱেম্বৰ, ১৮৫২ (৩৬ বছৰ) মেৰিলেবন, লণ্ডন, ইংলেণ্ড |
জনা যায় | গণিত, কম্পিউটিং |
দাম্পত্যসঙ্গী | লাভলেছৰ ১ম আৰ্ল আৰ্লউইলিয়াম কিং-নোৱেল, (বি. ১৮৩৫) |
সতি-সন্ততি |
|
স্বাক্ষৰ |
তেওঁৰ শৈক্ষিক আৰু সামাজিক কৃতিত্বই তেওঁক এণ্ড্ৰু ক্ৰছ, চাৰ্লছ বেবেজ, ছাৰ ডেভিদ ব্ৰুষ্টাৰ, চাৰ্লছ হুইটষ্টোন, মাইকেল ফেৰাডে, আৰু লেখক চাৰ্লছ ডিকেন্সৰ দৰে বিজ্ঞানীৰ সংস্পৰ্শলৈ আনে, যিবোৰ যোগাযোগ তেওঁ নিজৰ শিক্ষাৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰিছিল। আদাই তেওঁৰ দৃষ্টিভংগীক "কাব্য বিজ্ঞান"[4] আৰু নিজকে "বিশ্লেষক (& মেটাফিজিচিয়ান)" বুলি বৰ্ণনা কৰিছিল।[5]
আঠাইশ বছৰ বয়সত তেওঁৰ গাণিতিক প্ৰতিভাই তেওঁক সহযোগী ব্ৰিটিছ গণিতজ্ঞ চাৰ্লছ বেবেজৰ সৈতে দীৰ্ঘদিনীয়া কৰ্ম সম্পৰ্ক আৰু বন্ধুত্ব গঢ়ি তুলিছিল, যিজনক "কম্পিউটাৰৰ পিতৃ" বুলি জনা যায়। বিশেষকৈ বেবেজৰ এনালাইটিকেল ইঞ্জিনৰ কামৰ প্ৰতি তাইৰ আগ্ৰহ আছিল। ১৮৩৩ চনৰ ৫ জুনত লাভলেছে তেওঁক প্ৰথম লগ পাইছিল, যেতিয়া তেওঁ আৰু তেওঁৰ মাকে তেওঁলোকৰ পাৰস্পৰিক বন্ধু আৰু আডাৰ ব্যক্তিগত টিউটৰ মেৰী ছমাৰভিলৰ সৈতে চাৰ্লছ বেবেজৰ শনিবাৰে নিশাৰ এটা ছ'য়াৰী[6]ত অংশগ্ৰহণ কৰিছিল।
১৮৪২ চনৰ পৰা ১৮৪৩ চনৰ ভিতৰত আডাই সামৰিক অভিযন্তা লুইজি মেনাব্ৰেয়া (পৰৱৰ্তী সময়ত ইটালীৰ প্ৰধানমন্ত্ৰী)ৰ বিশ্লেষণাত্মক ইঞ্জিনৰ বিষয়ে এটা প্ৰবন্ধ অনুবাদ কৰে আৰু ইয়াৰ পৰিপূৰক হিচাপে সাতটা টোকাৰ এটা বিশদ গোট, যাক সৰলভাৱে "টোকা" বুলি কোৱা হয়।