হান্স খ্ৰীষ্টিয়ান গ্ৰাম
From Wikipedia, the free encyclopedia
হান্স খ্ৰীষ্টিয়ান জোৱাচিম গ্ৰাম (ইংৰাজী: Hans Christian Gram; ১৩ ছেপ্টেম্বৰ ১৮৫৩ – ১৪ নৱেম্বৰ ১৯৩৮) এগৰাকী ডেনিছ বীজাণুবিদ, ঔষধবিজ্ঞানী আৰু অণুজীৱবিদ। তেওঁক গ্ৰেট গ্ৰাম ষ্টেইনৰ উন্নীতকৰণত আগবঢ়োৱা অৱদানৰ বাবে বিশেষ ভাবে জনাজাত। গ্ৰাম ষ্টেইন এবিধ ৰঞ্জক। ইয়াৰ সহায়ত বেক্টেৰিয়া সমূহ অণুবীক্ষণ যন্ত্ৰত সহজে দৃশ্যমান হয়। ইয়াৰ সহায়ত গ্ৰাম পজিটিভ আৰু গ্ৰাম নেগেটিভ হিচাপে বেক্টেৰিয়াৰ শ্ৰেণীবিভাজনো কৰা হয়।
ক্ষিপ্ৰ তথ্য হান্স খ্ৰীষ্টিয়ান গ্ৰাম, জন্ম ...
হান্স খ্ৰীষ্টিয়ান গ্ৰাম | |
---|---|
জন্ম | ১৩ ছেপ্টেম্বৰ, ১৮৫৩ কোপেনহেগেন |
মৃত্যু | ১৪ নৱেম্বৰ, ১৯৩৮ (৮৫ বছৰ) কোপেনহেগেন |
বাসস্থান | ডেনমাৰ্ক |
ক্ষেত্ৰ | জীৱাণুবিদ্যা |
শিক্ষানুষ্ঠান | কোপেনহেগেন বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | জেপটুছ ষ্টিনত্ৰুপ |
জনা যায় | গ্ৰাম ষ্টেইন আৱিষ্কাৰক |
লেখকৰ সংক্ষিপ্ত ৰূপ (উদ্ভিদ বিজ্ঞান) | ইণ্ডিয়া |
বন্ধ কৰক
২০১৯ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে হান্স খ্ৰীষ্টিয়ান গ্ৰামৰ সন্মানৰ্থে তেওঁৰ ১৬৬তম জন্মদিনত গুগলে বিশেষ ডুডুল প্ৰদৰ্শন কৰে।