শনি (দেৱতা)
From Wikipedia, the free encyclopedia
শনি (সংস্কৃত: शनि ), বা শনিশ্বৰ হৈছে শনি গ্ৰহ,[5] আএউ হিন্দু জ্যোতিষশাস্ত্ৰ অনুসৰি নৱগ্ৰহৰ এক গ্ৰহ।[6] পুৰাণসমূহৰ মতে শনি হিন্দু ধৰ্মৰ এগৰাকী দেৱতা। তেওঁক ৰাজদণ্ড বা তৰোৱাল লৈ শগুনৰ ওপৰত উপৱিষ্ট অৱস্থাত চিত্ৰায়িত কৰা হয়।[6][7] শনি কৰ্মফল, ন্যায় আৰু দৈৱিক শাস্তিবিধানৰ দেৱতা আৰু তেওঁ চিন্তা, বচন আৰু কাৰ্য অনুসৰি সকলোকে কৰ্মফল প্ৰদান কৰে। [8][9] তেওঁ আধ্যাত্মিক আত্মসংযম, প্ৰায়শ্চিত্ত, নিয়মানুৱৰ্তিতা আৰু বিবেকবান কৰ্মক সূচায়। শনিৰ দুগৰাকী পত্নী। ইয়াৰে মন্দা হৈছে এক গন্ধৰ্ব কন্যা আৰু নীলা বা নীলিমা হৈছে নীলম ৰত্নৰ স্বৰূপ।[10][11][12]
ক্ষিপ্ৰ তথ্য শনি, অন্য নাম ...
শনি | |
---|---|
কৰ্মফল, দৈৱিক শাস্তিবিধান আৰু ন্যায়ৰ দেৱতা[1] | |
নৱগ্ৰহ-ৰ সদস্য | |
অন্য নাম | শনিশ্বৰ, ছায়াসূত, পিঙ্গল, কাকধ্বজ, কনাস্থ, বভ্ৰু, ৰৌদ্ৰান্তক, শনেশ্বৰম, সৌৰী মন্দ, পিপলাশ্ৰয়, ৰবিপুত্ৰম |
দেৱনাগৰী | शनि |
সম্পৰ্ক | দেৱতা, গ্ৰহ, কৰ্মপাল |
নিবাস | শনি পৰ্বত |
গ্ৰহ | শনি |
মন্ত্ৰ | ওঁম কাকধ্বজায় বিদমহি খড়্গ হস্তায় ধীমহি তনো মন্দা প্ৰচোদয়াৎ[note 1][2]and ওঁম শম শনিশ্বৰায়ে নমঃ[3] |
অস্ত্ৰ | ৰাজদণ্ড, ত্ৰিশূল, কুঠাৰ |
বাৰ | শনিবাৰ |
বৰণ | ক'লা[4] |
সংখ্যা | ৮, ১৭, ২৬ |
সঙ্গী | মন্দা আৰু নীলিমা |
সহোদৰ | তপতী, সবৰ্ণী মনু, যম, যমি, অশ্বিন, শ্ৰদ্ধাদেৱ মনু আৰু ৰেৱন্ত |
সন্তান | মন্দী আৰু কুলিগ্ন |
আসন/বাহন | কাউৰী |
হিন্দু পাঠ্য | পুৰাণ, হৰিবংশ |
বন্ধ কৰক