লেহেংগা
From Wikipedia, the free encyclopedia
লেহংগা (হিন্দী: लेहंगा), লেহেংগা বা লাংগা (ঘগ্ৰা, চানিয়ো, পাৰো, পাৱড়া, বা লাচা বুলিও জনা যায়) হৈছে ভাৰতীয় উপমহাদেশৰ মহিলা সকলে পৰিধান কৰা গোৰোহালৈকে দীঘল স্কাৰ্টৰ এটা প্ৰকাৰ।[1] লেহেংগা সজ্জিত কৰিবলৈ পৰম্পৰাগত এম্ব্ৰয়ডাৰীৰ বিভিন্ন আৰ্হি আৰু শৈলী ব্যৱহাৰ কৰা হয়। উৎসৱ আৰু বিয়াত প্ৰায়ে গোটা পট্টি এম্ব্ৰয়ডাৰী ব্যৱহাৰ কৰা হয়। ঘগ্ৰা বুলিও জনাজাত লেহেংগা হৈছে ষোড়শ শতিকাত জনপ্ৰিয় হৈ পৰা এবিধ পৰম্পৰাগত ভাৰতীয় সাজপাৰ[2]; মূলতঃ উত্তৰ ভাৰতত মোগলে ইয়াক ভাৰতীয় ফেশ্বনলৈ বিকশিত কৰিছিল। লেহেংগা ৰাজকীয় আকৰ্ষণ আৰু সুবিধাৰ বাবে সকলো বয়সৰ আৰু সকলো শ্ৰেণীৰ মোগল মহিলাৰ প্ৰিয় সাজ-পোছাক হৈ পৰিছিল। লেহেংগাক কেতিয়াবা ঘাগ্ৰা চোলি বা ‘লাংগা ৱনি’ৰ তলৰ অংশ হিচাপে পিন্ধা হয়। ঘাগ্ৰা চোলি হৈছে ভাৰতীয় উপমহাদেশৰ মহিলাসকলৰ এক প্ৰকাৰৰ জাতিগত পোছাক। এইবিধ পোছাকক লেহেঙ্গা চোলি আৰু স্থানীয়ভাৱে চানিয়া চোলি বুলিও জনা যায়। এই পোছাক বিশেষকৈ ভাৰতৰ ৰাজ্য ৰাজস্থান,[3][4] গুজৰাট,[5] মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা, পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু আৰু কাশ্মীৰৰ লগতে পাকিস্তানৰ পঞ্জাৱ আৰু সিন্ধু প্ৰদেশত পিন্ধা দেখা যায়। শাৰীৰ তলত পিন্ধা হাফ স্লিপ বা পেটিকোট নামৰ অন্তৰ্বাসক বুজাবলৈও হিন্দীত ঘগ্ৰা (কংকন্নীতো ঘগ্ৰো) শব্দ ব্যৱহাৰ কৰা হৈছিল।