লিটাৰ
From Wikipedia, the free encyclopedia
লিটাৰ (ইংৰাজীত Litre বা Liter) হ'ল মেট্ৰিক পদ্ধতিত আয়তনৰ একক। এক লিটাৰ হ'ল ১০০০ ঘন চেণ্টিমিটাৰৰ সমান (দশমিক পদ্ধতিত সমগ্ৰ পৃথিৱীতে ওজন, দৈৰ্ঘ্য পৰিমাপ কৰা হয়, এয়াই মেট্ৰিক পদ্ধতি)। লিটাৰ শব্দটোৰ আন্তৰ্জাতিক প্ৰতিশব্দ হ'ল litre আৰু আমেৰিকান প্ৰতিশব্দ হ'ল liter, ইয়াৰ এছ আই চিহ্ন L বা l[1] অন্য এটি চিহ্ন ℓ ৰ জৰিয়তেও লিটাৰক প্ৰতিনিধিত্ব কৰা হয়। ই ১ ঘন ডেচিমিটাৰ (dm3), ১,০০০ ঘন চেণ্টিমিটাৰ (cm3) বা ১/১,০০০ ঘনমিটাৰৰ সৈতে সমান। ১ ঘন ডেচিমিটাৰ বুলিলে আয়তন হিচাপত ১০ চেমি × ১০ চেমি × ১০ চেমি আৰু ই এহেজাৰ ভাগৰ ১ ঘনমিটাৰৰ সৈতে সমান। সাধাৰণতে জুলীয়া বস্তু যেনেঃ পানী, গাখীৰ, তেল ইত্যাদিৰ পৰিমাণ প্ৰকাশ কৰিবৰ বাবে এই লিটাৰ এককৰ ব্যৱহাৰ কৰা হয়।
লিটাৰ | |
---|---|
এক লিটাৰ পৰিমাণ হ'ল এক ঘনক্ষেত্ৰৰ আয়তন যাৰ প্ৰতিটো বাহু ১০ চেণ্টিমিটাৰৰ | |
এককটোৰ তথ্য | |
একক পদ্ধতি | Non-SI unit accepted for use with SI |
কিহৰ একক | আয়তন |
সংকেত | লি. বা l[1] (ℓ) অথবা L[1] |
এছ আই পদ্ধতিত | 1 L = 10−3 m3 |
ফৰাচী মেট্ৰিক পদ্ধতিত লিটাৰক মূল একক হিচাপে ব্যৱহাৰ কৰিছিল। লিটাৰৰ মূল শব্দটো, পুৰণি ফৰাচী শব্দ 'লিট্ৰণ' প্ৰকৃততে এটি গ্ৰীক শব্দ আৰু গ্ৰীক ভাষাত এই এককটো আয়তনৰ পৰিৱৰ্তে ওজনৰ একক হিচাপে হে ব্যৱহাৰ কৰিছিল[2] আৰু ই প্ৰায় ০.৮৩১ৰ সমান। লিটাৰ এককটো মেট্ৰিক পদ্ধতিত বহু ক্ষেত্ৰত ব্যৱহাৰ হৈছিল আৰু পিছলৈ ইয়াক এছ আই পদ্ধতিত ব্যৱহাৰ বাবে সিদ্ধান্ত লোৱা হয়।[3] কিন্তু ই, এছ আই একক নহয়। আয়তনৰ এছ আই একক হ'ল ঘন মিটাৰ (m3)।