মিটাৰ
From Wikipedia, the free encyclopedia
মিটাৰ (আন্তৰ্জাতিক বানান metre বা আমেৰিকান বানান meter) গ্ৰীক বিশেষ্য μέτρον, যাৰ অৰ্থ হৈছে "measure" "জোখ লোৱা", হৈছে আন্তৰ্জাতিক একক পদ্ধতিত দৈৰ্ঘ্যৰ একক। এছ আই এককত ইয়াৰ চিহ্ন হৈছে m।[1] শূন্যস্থানত পোহৰে 1/299 792 458 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্বক মিটাৰ হিচাপে সংজ্ঞাবদ্ধ কৰা হয়।[2] ১৭৯৩ চনত বিষুৱ ৰেখাৰ পৰা উত্তৰ মেৰুৰ দূৰত্বৰ ১০ মিলিয়নভাগৰ এভাগ হিচাপে সংজ্ঞাবদ্ধ কৰা হৈছিল। ১৭৯৯ চনত ইয়াক প্ৰট'টাইপ মিটাৰ বাৰৰ সহায়ত পুনৰবাৰ সংজ্ঞাবদ্ধ কৰা হয় (১৮৮৯ চনত প্ৰকৃত বাৰডাল সলনি কৰা হৈছিল)। ১৯৬০ চনত ক্ৰিপ্টন-৮৬ ৰ নিৰ্গমন লাইনৰ তৰংগদৈৰ্ঘ্যৰ সহায়ত পুনৰবাৰ সংজ্ঞা আগবঢ়োৱা হৈছিল। ১৯৮৩ চনত বৰ্তমানৰ সংজ্ঞাটো আগবঢ়োৱা হয়। এক ইঞ্চি হৈছে ০.০২৫৪ মিটাৰ (২.৫৪ ছেণ্টিমিটাৰ বা ২৫.৪ মিলিমিটাৰ)।