ললিত কলা একাডেমী
From Wikipedia, the free encyclopedia
ললিত কলা একাডেমী বা ৰাষ্ট্ৰীয় কলা একাডেমী ভাৰতৰ চাৰু কলা বিষয়ক ৰাষ্ট্ৰীয় একাডেমী। ভাৰতীয় কলাৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্য ভাৰত চৰকাৰে ১৯৫৪ চনত এই একাডেমী প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াক সম্পূৰ্ণ স্বায়ত্ব শাসনৰ মৰ্যদা দিয়া হৈছে।
ক্ষিপ্ৰ তথ্য ললিত কলা একাডেমী Lalit Kala Akademi, প্ৰতিষ্ঠা ...
ললিত কলা একাডেমী Lalit Kala Akademi | |
---|---|
প্ৰতিষ্ঠা | মাৰ্চ ১১, ১৯৫৪ (1954-03-11) (৬৯ বছৰ পূৰ্বে) |
প্ৰধান কাৰ্যালয় | ৰবীন্দ্ৰ ভৱন, দিল্লী |
অঞ্চল | নতুন দিল্লী, ভাৰত |
সেৱা ক্ষেত্ৰ | ভাৰত |
আনুষ্ঠানিক ভাষা | English |
ৱেবছাইট | lalitkala.gov.in |
বন্ধ কৰক
ললিত কলা একাডেমীয়ে বিভিন্ন জলপানি আৰু সদস্য পদ আগবঢ়ায়। ই দেশ বিদেশৰ বিভিন্ন স্থানত কলা বিষয়ক প্ৰদৰ্শনী আয়োজন কৰে। ই এখনি দ্বিভাষিক জাৰ্ণাল প্ৰকাশ কৰে। ললিত কলা একাডেমী ভাৰতীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ অন্তৰ্ভূক্ত। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত।