মেথি
From Wikipedia, the free encyclopedia
মেথি (বৈজ্ঞানিক নাম: Trigonella foenum-graecum) বা মিথি হৈছে ফেবেচি পৰিয়ালৰ এবিধ বাৰ্ষিক উদ্ভিদ। ইয়াৰ পাতত তিনিটা সৰু ডিম্বাকৃতিৰ পৰা আয়তাকৃতিৰ উপপত্ৰিকা থাকে। ইয়াক অৰ্ধশস্য হিচাপে দেশজুৰি খেতি কৰা হয়। ই এবিধ মছলাজাতীয় উদ্ভিদ। ইয়াৰ বীজৰ সোৱাদ অলপ তিতা আৰু গোন্ধযুক্ত বাবে ৰন্ধা খাদ্যত, বিশেষকৈ দাইল বা আঞ্জাত সুগন্ধিৰূপে ব্যৱহাৰ কৰা হয়। ইয়াৰ বীজ আৰু পাত ভাৰতীয় উপমহাদেশৰ ব্যঞ্জনৰ এটা সাধাৰণ উপাদান। লগতে পাৰম্পৰিক ঔষধত ব্যৱহাৰ কৰা হয়। পাঁচ ফোৰণ নামৰ ভাৰতত প্ৰচলিত এবিধ গোটা মছলা মিশ্ৰণৰ ই এবিধ মুখ্য উপাদান।[2] ৰন্ধনকাৰ্যত মেথিৰ ব্যৱহাৰ (কম পৰিমাণত) সাধাৰণতে সুৰক্ষিত বুলি বিশ্বাস কৰা হয়[3][4] যদিও, গুৰুতৰ চিকিৎসা পাৰ্শ্বক্ৰিয়াৰ বিপদাশংকা বৃদ্ধি কৰিব পাৰে। কোনো চৰকাৰী স্বাস্থ্য সংস্থাৰ দ্বাৰা ইয়াৰ নিদানিক ব্যৱহাৰ স্বীকৃত বা অনুমোদিত নহয়।[4][5]
মেথি (Fenugreek) | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophytes |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
গণ: | Trigonella |
প্ৰজাতি: | foenum-graecum |
বৈজ্ঞানিক নাম | |
T. foenum-graecum L.[1] |