মাতৃকা
From Wikipedia, the free encyclopedia
মাতৃকা (সংস্কৃত: मातृका ) অৰ্থাৎ দৈৱিক মাতৃসকল[2] হৈছে কেইবাগৰাকী মাতৃৰূপী দেৱী আৰু হিন্দু ধৰ্মত তেওঁলোকক সদায়েই একেলগে উপস্থাপন কৰা হয়। তেওঁলোক আদি পৰাশক্তিৰে বিভিন্ন স্বৰূপ। তেওঁলোক হৈছে দেৱতাসকলৰ শক্তিৰ বিমূৰ্ত ৰূপ। ব্ৰহ্মাণীৰ উৎপত্তি ব্ৰহ্মাৰ পৰা। একেদৰে বৈষ্ণৱী বিষ্ণুৰ পৰা। মহেশ্বৰী শিৱৰ পৰা, ইন্দ্ৰাণী ইন্দ্ৰৰ পৰা, কৌমাৰী স্কন্দ অৰ্থাৎ কাৰ্ত্তিকৰ পৰা, বৰাহী বৰাহৰ পৰা আৰু চামুণ্ডা দেৱীৰ পৰা উৎপন্ন।[3] ইয়াৰ উপৰিও আন দুগৰাকী মাতৃকা হৈছে নৰসিংহী আৰু বিনায়কী।
মাতৃকা | |
---|---|
যুদ্ধ-বিগ্ৰহ, সন্তান আৰু আধিপত্যৰ দেৱী[1] | |
বাওঁহাতে শিৱ আৰু সোঁহাতে গণেশৰ সৈতে সপ্তমাতৃকা | |
দেৱনাগৰী | मातृका |
সংস্কৃত লিপ্যন্তৰ | mātṝkā |
সম্পৰ্ক | শক্তি, দেৱী, মহাদেৱী, আদি পৰাশক্তি, পাৰ্বতী, সৰস্বতী, লক্ষ্মী |
নিবাস | অৰ্ধাংগিবী বা শক্তি হিচাপে বিভিন্ন দেৱতাৰ দেহস্থান |
সঙ্গী | অষ্ট ভৈৰৱ বা বিভিন্ন দেৱতা |
মাতৃকাসকলক প্ৰায়েই সাতগৰাকীৰ গোট বা সপ্তমাতৃকা হিচাপে উপস্থাপন কৰা দেখা পোৱা যায়।[4] অষ্টমাতৃকা বা আঠগৰাকী দেৱীৰ গোট হিচাপেও তেওঁলোকক চিত্ৰায়িত কৰা হয়।[5] দক্ষিণ ভাৰতত মূলতঃ সপ্তমাতৃকাৰ উপাসনা বিৰাজমান হোৱাৰ বিপৰীতে নেপালৰ লগতে আনবোৰ ঠাইত অষ্টমাতৃকাৰ পূজা দেখা যায়।[6]
হিন্দু ধৰ্মৰ দেৱীপূজা কৰা পন্থা অৰ্থাৎ তন্ত্ৰত মাতৃকাসকলৰ অপৰিসীম গুৰুত্ব আছে।[7] শাক্ত পন্থাত তেওঁলোকক দানৱৰ সৈতে হোৱা যুঁজসমূহত পৰম শাক্ত দেৱীক সহযোগ কৰাৰ কথা কোৱা হয়।[8] কোনো কোনো পণ্ডিতে মাতৃকাসকলক শৈৱ পন্থাৰ দেৱী বুলিও মত প্ৰকাশ কৰে।[9] সমৰ দেৱতা স্কন্দ (মুৰুগান) বা কাৰ্ত্তিকৰ পূজাৰ সৈতেও তেওঁলোকৰ সম্পৰ্ক দেখা যায়।[10] প্ৰাচীনতম সূত্ৰসমূহত মাতৃকাসকলক অশুভ আৰু ভয়ংকৰ হিচাপে বৰ্ণনা কৰা হৈছে। তেওঁলোক ভয়লগা দেৱী, শিশু হৰণকাৰী তথা ভক্ষণকাৰী বা অন্য অৰ্থত শিশুকালৰ ফোঁহা, জ্বৰ, ক্ষুধাপীড়ণ আৰু ৰোগসমূহৰ কাৰক। প্ৰাপ্তবয়স্ক অৱস্থা প্ৰাপ্ত হোৱাৰ পূৰ্বেই বহু শিশুৰ প্ৰাণ কাঢ়ি নিয়া এই ৰোগসমূহৰ নিবাৰণৰ হকে তেওঁলোকৰ উপাসনা কৰা হয়।[11] পৰৱৰ্তী কালৰ আখ্যানসমূহত মাতৃকাসকলে ৰক্ষাকৰ্তা দেৱীৰ ভূমিকা পালন কৰিবলৈ লয় যদিও তেওঁলোকৰ অশুভ চাৰিত্ৰিক বৈশিষ্ট্য অটুট থাকে।[12] এনেদৰে তেওঁলোকে প্ৰকৃতিৰ সৃষ্টিশীল আৰু ধ্বংসকাৰী দুয়োটা চৰিত্ৰকে প্ৰতিফলিত কৰে।[13]
বৰাহমিহিৰৰ বৃহৎ সংহিতাত কোৱা হৈছে যে মাতৃকাসকলক তেওঁলোকৰ নামানুসাৰে হিন্দুসকলৰ প্ৰধান দেৱতাসমূহৰ সৈতেহে পূৰ্ণ ৰূপ হিচাপে গণ্য কৰিব লাগে।[14] তেওঁলোক অৰ্ধাংগিণী বা শক্তি হিচাপে এই দেৱতাসকলৰ সৈতে জড়িত হৈ আছে।[13] আদিতে কৃত্তিকা নক্ষত্ৰপুঞ্জৰ বিমূৰ্ত ৰূপ হিচাপে পৰিচিত মাতৃকাসকলে সপ্তম শতিকাৰ পৰাই জনপ্ৰিয়তা লাভ কৰে আৰু নৱম শতিকালৈ দেৱী মন্দিৰৰ এক বিশেষ বৈশিষ্ট্য হিচাপে আত্মপ্ৰকাশ কৰে।[15]