মাটি
হ / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো পৃথিৱীৰ শুকান পৃষ্ঠভাগে আবৰি থকা অংশৰ বিষয়ে। গণিত সম্পৰ্কীয় সংখ্যা প্ৰণালীৰ এক একক সংখ্যা পঢ়িবৰৰ বাবে ভেঁটি চাওক। অন্য ব্যৱহাৰৰ বাবে, ভূমি (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
পৃথিৱীক যি শুকান পৃষ্ঠভাগে আবৰি থাকে তাকে মাটি বোলা হয়। ইয়াক ভূঁই, ক্ষিতি, মৃত্তিকা, মৃদা, মৃৎ আদি নামেৰেও জনা যায়।[1] ই হ’ল পৃথিৱীৰ লগত বায়ুমণ্ডলৰ সংযোগস্থল। ই কঠিন, গেদীয় আৰু কোমল- এই তিনিটা ভাগত থাকে। পৃথিৱীৰ একেবাৰে উপৰিপৃষ্ঠত থকা মাটিৰ তৰপটোত অধিক পৰিমাণে জৈৱিক পদাৰ্থ থাকে। ক্ৰমে তললৈ অণুজীৱৰ ক্ৰিয়াসমূহ একেবাৰে কমি যায়। মাটি তিনিবিধ কণাৰে গঠিত- বালি, পলস আৰু বোকা।