মাছৰোকা
এবিধ চৰাইৰ গোষ্ঠী / From Wikipedia, the free encyclopedia
মাছৰোকা (ইংৰাজী: Kingfisher) সাধাৰনতে উজ্জ্বল বৰণৰ সৰুৰ পৰা মধ্যমীয়া আকাৰৰ এবিধ চৰাইৰ গোষ্ঠী৷ সমগ্ৰ বিশ্বত এই গোষ্ঠীৰ মুঠ ৯৩ টা প্ৰজাতি পোৱা যায়৷ ভাৰতবৰ্ষত তাৰে ১২ টা স্থানীয় তথা এটা পৰিভ্ৰমী প্ৰজাতি পোৱা যায়৷ এই গোষ্ঠীৰ সকলোবোৰ প্ৰজাতিৰে বৈশিষ্ট্য হ’ল, বৃহৎ মুণ্ড, দীঘলীয়া আৰু জোঙা আকৃতিৰ ঠোঁট তথা চুটী নেজ৷ প্ৰায়বোৰ প্ৰজাতিৰে গাৰ বৰণ উজ্জ্বল হয় আৰু মতা-মাইকীৰ মাজত বিশেষ পাৰ্থক্য থকা দেখা নাযায়৷ মাছৰোকাই মাছৰ পৰা আৰম্ভ কৰি কেঁকোৰা, বিভিন্ন পোক-পৰুৱা তথা অন্য চৰাইৰ পোৱালীও চিকাৰ কৰে৷