ব্ৰহ্মপুত্ৰ নদ
ভাৰতৰ এখন ঐতিহ্যমন্দিত নদ। / From Wikipedia, the free encyclopedia
ব্ৰহ্মপুত্ৰ (ইংৰাজী: Brahmaputa; Tibetan: ཡར་ཀླུངས་གཙང་པོ་) হৈছে ভাৰত তথা অসমৰ এক প্ৰধান নদী। এই নদীক লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰেও জনা যায়। প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। ই ভাৰতৰ একমাত্ৰ পুৰুষ নদী। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত। সভ্যতা সদায় নদী-কেন্দ্ৰীক। প্ৰাগজ্যোতিষ-কামৰূপ-অসমৰ সভ্যতাক ব্ৰহ্মপুত্ৰ কেন্দ্ৰীক সভ্যতা আখ্যা দিব পাৰি। এই ব্ৰহ্মপুত্ৰ নদীক আশ্ৰয় কৰি নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰ সংযোগত অসমীয়া জাতি গঠন কৰিছে।
ক্ষিপ্ৰ তথ্য দেশসমূহ, প্ৰদেশসমূহ ...
মহাবাহু ব্ৰহ্মপুত্ৰ | |
দেশসমূহ | বাংলাদেশ, ভাৰতবৰ্ষ, চীন |
---|---|
প্ৰদেশসমূহ | অসম, অৰুণাচল প্ৰদেশ |
স্বায়ত্ত্বশাসিত অঞ্চল | তিব্বত |
উপনৈ | |
- বাঁওদিশত | দিবং নদী, লোহিত নদী, ধনশিৰি নদী |
- সোঁদিশত | কামেং নদী, ৰাইদাক নদী, জলঢাকা নদী, তিস্তা নদী |
চহৰ | গুৱাহাটী |
উৎস | Chemayungdung Glacier [1] |
- অৱস্থান | হিমালয়, চীন |
- উচ্চতা | ৫,২১০ মি (১৭,০৯৩ ফুট) |
- স্থানাঙ্ক | 30°23′N 82°0′E |
মোহনা | বংগোপ সাগৰ |
- অৱস্থান | Ganges Delta, বাংলাদেশ |
- উচ্চতা | ০ ফুট (০ মি) |
- স্থানাঙ্ক | 25°13′24″N 89°41′41″E |
দৈৰ্ঘ্য | ২,৯০০ কিমি (১,৮০০ মাইল) [1] |
অৱবাহিকা | ৬,৫১,৩৩৪ বৰ্গকিমি (২,৫১,৫০০ বৰ্গমাইল) |
প্ৰবাহ | |
- গড় | ১৯,৩০০ ঘনমিটাৰ/ছেকেণ্ড (৬,৮১,৬০০ ঘনফুট/ছেকেণ্ড) |
- সৰ্বোচ্চ | ১,০০,০০০ ঘনমিটাৰ/ছেকেণ্ড (৩৫,৩১,৫০০ ঘনফুট/ছেকেণ্ড) |
বন্ধ কৰক