বেনেডিক্ট কাম্বাৰবেটছ্
ইংৰাজ অভিনেতা / From Wikipedia, the free encyclopedia
বেনেডিক্ট টিম'থি কাৰ্লটন কাম্বাৰবেটছ্ (ইংৰাজী: Benedict Timothy Carlton Cumberbatch; জন্ম: ১৯ জুলাই ১৯৭৬) হৈছে এগৰাকী ইংৰাজ অভিনেতা। মানচেষ্টাৰ ভিক্টোৰিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতক কাম্বাৰবেটছে লণ্ডন সংগীত আৰু নাট্যকলাৰ একাডেমীত প্ৰশিক্ষণ লয় আৰু ধ্ৰুপদী অভিনয়-কলাত কলাৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেখেটে পোনপ্ৰথমবাৰৰবাবে প্ৰদৰ্শন কৰে ৰিজেণ্টছ পাৰ্কৰ অপেন এয়াৰ থিয়েটাৰত। ২০০৫ চনত বেনেডিক্টে ৱেষ্ট ইণ্ড থিয়েটাৰত অভিষেক কৰে। ইয়াৰ পিছৰ পৰা তেখেতে ৰয়েল নেশ্যনেল থিয়েটাৰৰ কিছুমান প্ৰযোজনা যেনে 'অফটাৰ দ্য ডেন্স' (২০১০) আৰু 'ফ্ৰেংকেনষ্টাইন' (২০১১)ত শীৰ্ষ চৰিত্ৰত অভিনয় কৰে।
বেনেডিক্ট কাম্বাৰবেটছ্ | |||||||||
---|---|---|---|---|---|---|---|---|---|
২০১৬ চনত বেনেডিক্ট কাম্বাৰবেটছ্ | |||||||||
জন্ম | বেনেডিক্ট টিম'থি কাৰ্লটন কাম্বাৰবেটছ্ ১৯ জুলাই, ১৯৭৬ (৪৭ বছৰ) হেমাৰ্ছস্মিথ, লণ্ডন, ইংলেণ্ড | ||||||||
শিক্ষানুষ্ঠান |
| ||||||||
পেচা | অভিনেতা | ||||||||
সক্ৰিয় হৈ থকা সময় | ১৯৯৯–বৰ্তমানলৈকে | ||||||||
দাম্পত্যসঙ্গী | ছ'ফি হাণ্টাৰ, ১৪ ফেব্ৰুৱাৰী ২০১৫ | ||||||||
সন্তান | ৩[1] | ||||||||
| |||||||||
স্বাক্ষৰ | |||||||||
২০০২ চনত কাম্বাৰবেটছে 'ছাইলেণ্ট উইটনেছ' আৰু ২০০৩ চনত 'ফৰ্টিছামথিং' নামৰ টেলিভিছন অনুষ্ঠানত ভূমুকি মাৰে। ২০০৪ চনত 'হকিং' নামৰ টেলিভিছন কথাছবিত তেখেতক দেখা পোৱা যায়। ২০১০ চনৰ পৰা ২০১৭ চনলৈকে তেখেতে 'শ্বাৰ্লক' নামৰ টেলিভিছন ধাৰাবাহিকত অভিনয় কৰে। ২০০৬ চনত মুক্তি লাভ কৰা 'এমেইজিং গ্ৰেচ'ত কাম্বাৰবেটছে 'উইলিয়াম পিট দ্য ইয়ংগাৰ' নামৰ চৰিত্ৰটোত অভিনয় কৰে। ইয়াৰ পিছত তেখেতে বহুকেইখন ছবিত বহু গুৰুত্বপূৰ্ণ ছবিত অভিনয় কৰে। তাৰে ভিতৰত 'টুৱেলভ ইয়েৰছ এ শ্লেইভ', 'দ্য ফিফথ ইষ্টেট' আদি অন্যতম। ২০১৪ চনৰ ছবি ইতিহাস-বিজ্ঞানভিত্তিক ছবি 'দ্য ইমিটেছন গেম'ত তেখেতে এলান ট্যুৰিঙৰ চৰিত্ৰত অভিনয় কৰে। মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছত তেখেতে 'ডক্টৰ ষ্ট্ৰেঞ্জ' চৰিত্ৰটোত ৰূপায়ণ কৰিছে। ২০২২ চনত তেখেতক 'Doctor Strange in the Multiverse of Madness' নামৰ ছবিখনত দেখা যাব।[3]
বেনেডিক্ট কাম্বাৰবেটছে এতিয়ালৈকে বহুতো বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ২০১৪ চনত 'টাইম' আলোচনীয়ে তেখেতক 'পৃথিৱীৰ এশগৰাকী প্ৰভাৱশালী ব্যক্তি'ৰ বাৰ্ষিক তালিকাত তালিকাভূক্ত কৰিছিল।[4]অভিনয় আৰু সমাজ কল্যাণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৫ চনত তেখেতক 'অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ' হিচাপে নিয়োগ কৰা হয়।[5]