প্ৰচলিত মুদ্ৰা (চলাৰ্থ)
বিনিময়ৰ মাধ্যম / From Wikipedia, the free encyclopedia
অৰ্থনীতিত প্ৰচলিত মুদ্ৰাই সৰ্বজনগৃহীত বিনিময়ৰ মাধ্যমক সূচায়। সাধাৰণতে এখন নিৰ্দ্দিষ্ট চৰকাৰৰ প্ৰচলিত মুদ্ৰা আৰু কাগজৰ টকাই ৰাষ্ট্ৰখনৰ অৰ্থমুদ্ৰাৰ যোগানৰ কায়িক দিশটো সামৰি লয়। এখন ৰাষ্ট্ৰৰ অৰ্থমুদ্ৰাৰ যোগানৰ আনটো অংশ বেংক জমা (কেতিয়াবা জমা অৰ্থমুদ্ৰা বোলা হয়)ৰে গঠিত হয়, যাৰ মালিকানা ধনাদেশ (চেক), ডেবিট কাৰ্ড, বা অৰ্থমুদ্ৰা হস্তান্তৰৰ অন্য মাধ্যমেৰে হস্তান্তৰ কৰিব পাৰি। জমা অৰ্থমুদ্ৰা আৰু প্ৰচলিত মুদ্ৰা দুয়োটাই আদায়ৰ উপায় হিচাপে গ্ৰহণযোগ্য হোৱা হেতুকে ইহঁতক অৰ্থমুদ্ৰা বুলি গণ্য কৰা হয়।
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
প্ৰচলিত মুদ্ৰা ৰূপে অৰ্থমুদ্ৰাই মানৱ সভ্যতাত প্ৰায় ১০,০০০ BCEৰ পৰাই প্ৰভুত্ব বিস্তাৰ কৰিবলৈ ধৰিলে। সাধাৰণতে, নিহিত মূল্যৰ মোহৰ (সোণ বা ৰূপ)য়েই মান আছিল। প্ৰায় সকলো আধুনিক অৰ্থমূদ্ৰাতন্ত্ৰই ৰাজ-আজ্ঞা অৰ্থমুদ্ৰা (fiat money)ৰ ওপৰত ভিত্তিশীল - চৰকাৰী আজ্ঞা (ৰাজ-আজ্ঞা)ৰ বলতে আধুনিক প্ৰচলিত মুদ্ৰাই মূল্য লাভ কৰে। সাধাৰণতে, চৰকাৰে 'ৰাজ-আজ্ঞা প্ৰচলিত মুদ্ৰা'ক বিধিসন্মত মূল্যবেদন পত্ৰ হিচাপে ঘোষণা কৰে (নিদৰ্শন স্বৰূপে, কেন্দ্ৰীয় বেংকে উলিয়াই দিয়া কাগজী মুদ্ৰা আৰু মোহৰ/মুদ্ৰা)। ফলস্বৰূপে, 'ৰাজ-আজ্ঞা প্ৰচলিত মুদ্ৰা'ক ৰাজহুৱা বা ব্যক্তিগত সকলো ঋণ পৰিশোধৰ উপায় হিচাপে গ্ৰহণ নকৰাটো আইন বিৰুদ্ধ।