নাৰ্গেছ মহম্মদী
ইৰানী মানৱ অধিকাৰ কৰ্মী আৰু শান্তিৰ নোবেল বঁটা বিজয়ী / From Wikipedia, the free encyclopedia
নাৰ্গেছ মহম্মদী (ইংৰাজী: Narges Mohammadi; জন্ম: ২১ এপ্ৰিল ১৯৭২) এজন ইৰানী মানৱ অধিকাৰ কৰ্মী আৰু শান্তিৰ নোবেল বঁটা বিজয়ী। বৰ্তমান তেওঁ শান্তিৰ নোবেল বঁটা বিজয়ী শ্বিৰিন এবাডীৰ নেতৃত্বত গঠিত ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰ (মানৱ অধিকাৰ ৰক্ষক কেন্দ্ৰ) চমুকৈ DHRCৰ উপ-সভানেত্ৰী।[3] তেওঁ ইৰানত হিজাবৰ বিৰুদ্ধে গণ নাৰীবাদী নাগৰিক অবাধ্যতাৰ কণ্ঠস্বৰৰ প্ৰতীক আৰু ২০২৩ চনৰ হিজাব আৰু সতীত্ব কাৰ্যসূচীৰ সমালোচক।[4][5] ২০১৬ চনৰ মে' মাহত তেহৰাণত "মৃত্যদণ্ড বিলুপ্ত কৰাৰ বাবে প্ৰচাৰ চলোৱা মানৱ অধিকাৰ আন্দোলন" আৰম্ভ কৰা আৰু ইয়াক চলাই নিয়াৰ বাবে নাৰ্গেছ মহম্মদীক ১৬ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।[6] তেওঁক ২০২০ চনত মুকলি কৰি দিয়া হয় যদিও ২০২১ চনত পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। তেতিয়াৰ পৰাই তেওঁ ইৰানত আটক কৰা মহিলাসকলৰ ওপৰত চলোৱা নিৰ্যাতন আৰু এককভাৱে বন্দী কৰাৰ প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে।
নাৰ্গেছ মহম্মদী | |
---|---|
স্থানীয় নাম | نرگس محمدی |
জন্ম | ২১ এপ্ৰিল, ১৯৭২ (৫২ বছৰ) জঞ্জান, ইৰান |
অন্য নাম | নাৰ্গেছ চাফী মহম্মদী |
শিক্ষা | ইমাম খোমেইনী আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় (বিএছ) |
সংস্থা |
|
ৰাজনৈতিক আন্দোলন | নৱশ্বৰীয়তবাদ[1] |
দাম্পত্যসঙ্গী | তাঘী ৰহমানী (বি. ১৯৯৯)[2] |
সন্তান | ২ |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
২০২৩ চনৰ অক্টোবৰ মাহত কাৰাগাৰত কাৰাবন্দী হৈ থকা সময়ত তেওঁক "ইৰানৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতা প্ৰসাৰৰ বাবে কৰা যুঁজৰ বাবে" ২০২৩ চনৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয়।[7][8] ইৰানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মহম্মদীক এই বঁটা প্ৰদান কৰা সিদ্ধান্তক গৰিহণা দিছে।[9]